মাছ নহয়! ব্ৰহ্মপুত্ৰৰ বুকুত এইবাৰ হাজাৰ হাজাৰ তৰমুজৰ উজান

April 9, 2022 0 By NEWS DESK

নিউজ ডেস্ক। ব্ৰহ্মপুত্ৰৰ বুকুত উঠিছে তৰমূজৰ উজান।

মৰিগাঁও জিলাৰ মায়ঙত বৃহস্পতিবাৰে পুৱা ব্ৰহ্মপুত্ৰৰ পানীত উটি অহা দেখা হ’ল হাজাৰ হাজাৰ তৰমূজ। যি দৃশ্য দেখি হতভম্ব হৈ পৰে স্থানীয় লোক।

লুইতৰ বুকুত উটি অহা তৰমূজ গোটাবলৈ নাও লৈ স্থানীয় লোকসকল নৈৰ বুকুত নামি পৰাও পৰিলক্ষিত হয়।

অৱশ্যে এই তৰমূজসমূহ ক’ৰ পৰা আৰু কেনেকৈ নৈত উটি আহিল, সেয়া অতিয়াও উৎকণ্ঠাৰ বিষয়।

উল্লেখ্য যে, বিগত কিছু দিনত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দি থকা নেৰেনেপেৰা বৰষুণত কেইবাঠাইতো সৃষ্টি হৈছে বান পৰিস্থিতিৰ।

আনহাতে লাহৰিঘাট সমষ্টিৰ নৈপৰীয়া অঞ্চলসমূহো বানত বুৰ গৈছে। এনে পৰিপ্ৰেক্ষিতত নৈপৰীয়া অঞ্চলসমূহত কৰা হাজাৰ হাজাৰ বিঘা তৰমূজৰ খেতিৰ তৰমূজসমূহ এনেদৰে উটি অহাৰ সন্দেহ কৰা হৈছে।

আনহাতে চ’তমহীয়া বানত এনেদৰে মূৰৰ ঘাম মাটিত পেলাই কৰা খেতি অনিষ্ট হৈ যোৱাত মূৰে কপালে হাত দিছে খেতিয়ক সকলেও।