মাটি কঢ়িওৱা টেক্টৰে মহতিয়ালে দুগৰাকী স্কুলীয়া ছাত্ৰী, থিতাতে নিহত এগৰাকী…

March 10, 2022 0 By Biraj Kalita

এক শোকাৱহ দুৰ্ঘটনা।

মাটি কঢ়িওৱা টেক্টৰে মহতিয়ালে দুগৰাকী স্কুলীয়া ছাত্ৰী, থিতাতে নিহত এগৰাকী।

মৰিগাঁও মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত বড়িবজাৰ আৰক্ষী পহৰা চকীৰ অধীনস্থ পালিগুৰিত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী ৯ বছৰীয়া কিশোৰী।

জানিব পৰামতে তীব্ৰবেগত অহা এখন মাটিভৰ্তি ট্ৰেক্টৰে দুগৰাকীকৈ স্কুলীয়া ছাত্ৰীক মহতিয়াই লৈ যায়।

যাৰ ফলত থিতাতে নিহত হয় নাৰ্চিন বেগম নামৰ ছাত্ৰীগৰাকী, লগতে আন গৰাকী ছাত্ৰী আছমা খাতুন গুৰুতৰভাৱে আহত হয়।

আহত কিশোৰীগৰাকীক ততাতৈয়াকৈ নগাঁওলৈ প্ৰেৰণ কৰা হয়।

ইতিমধ্যে মাটি কঢ়িয়াই অনা এএছ ২১ এচি ০৭৬৫ নম্বৰৰ ট্ৰেক্টৰখনৰ চালকক স্থানীয় ৰাইজে আটক কৰি বড়িবজাৰ আৰক্ষীক গটাই দিছে।