মাৰণাস্ত্ৰ, বাহনসহ আৰক্ষীৰ জালত পৰিল ৪ দুৰ্ধৰ্ষ ডকাইত

February 5, 2022 0 By NEWS DESK

নিউজ ডেস্ক। ডিব্ৰুগড় আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হ’ল চাৰিটাকৈ দুৰ্ধৰ্ষ ডকাইত।

ডিব্ৰুগড় জিলাৰ চাবুৱা আৰক্ষীয়ে থানাখনৰ অন্তৰ্গত হাতী আলিৰ পৰা এ এছ ২৩ ই ৩২১১ নম্বৰৰ ছেণ্ট্ৰ’ বাহনত অহা দুৰ্ধৰ্ষ ডকাইতকেইটাক গ্ৰেপ্তাৰ কৰে।

ধৃত ডকাইত কেইজনৰ নাম জিন্টু তাছা, ৰামা শংকৰ গিৰি, ধনঞ্জয় গিৰি আৰু বিশ্বজিৎ দাস বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, শিয়ালকাটি চাহ বাগিচাত চাহ বাগিচাৰ শ্ৰমিকক মজুৰি দিবলৈ দিয়া টকা লুট কৰাৰ পৰিকল্পনা কৰিছিল ডকাইতকেইটাই।

ডকাইত কেইজনৰ বাহনৰ তালাচী চলাই আৰক্ষীয়ে এটা পিষ্টল, দুখন খুকুৰি, কেইডালমান লোহাৰ ৰড, কেইবাটাও ম’বাইল ফোন, নগদ ধন আৰু আপত্তিজনক নথি-পত্র জব্দ কৰে।

বিশ্বজিত দাসৰ ঘৰ ডিগবৈত আৰু আন তিনিজনক ঘৰ মাকুমত বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

আনহাতে, এই ডকাইতি পৰিকল্পনা কৰা আন এখন বাহনত কেইবাজনো ডকাইত পলাই যায় যদিও আৰক্ষীয়ে ডকাইতকেইজনক ধৰিবলৈ অভিযান অব্যাহত ৰাখিছে।