মাতৃত্ব! ক’ভিডৰ বাবে মাতৃহাৰা ৭ মহীয়া শিশুক দুগ্ধপান কৰাইছে আন এগৰাকী মাতৃয়ে

July 22, 2021 0 By Biraj Kalita

নিউজ ডেস্ক। ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয়টাে ঢৌৱে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে ৰাজ্যৰ বহু জিলাত।

বহু কণ-কণ শিশুৱে পিতৃ-মাতৃক হেৰুৱাই নিঠৰুৱা হৈছে।

এনে দুৰ্যােগপূৰ্ণ সময়তে ক’ভিড-১৯ৰ বাবে মাতৃক হেৰুওৱা এটি ৭ মহীয়া শিশুৰ বাবে নিজ মাতৃ সদৃশ হৈ পৰিছে এগৰাকী মহিলা।

মৰিয়নীৰ নাগিনীজান চাহ বাগিছাৰ ক’ভিডৰ বলি হৈ মাতৃহাৰা সাতমহীয়া শিশুক দুগ্ধপান কৰোৱাই মহানুভৱতাৰ পৰচয় দিছে এগৰাকী মহিলাই।

মহিলা গৰাকীয়ে মাতৃহাৰা হোৱা কেঁচুৱাটিৰ লালন-পালনৰ দায়িত্ব বহন কৰাৰ লগতে নিজৰ সন্তানৰ দৰে বুকুৰ মাজত ৰাখি দুগ্ধপান কৰাই মহানুভৱতাৰ পৰিচয় দিছে।

উল্লেখ্য যে যোৱা ১৩ জুলাই তাৰিখে নাগিনীজান চাহ বাগিছাৰ বিমল নায়ক নামৰ লোকজনৰ পত্নী প্ৰীতি নায়ক ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালী লৈছিল।

আনহাতে, প্ৰীতি নায়ক নামৰ মহিলাগৰাকীয়ে এটি সাত মহীয়া কেঁচুৱা সন্তান এৰি থৈ যায়।

পিতৃ তথা পৰিয়ালৰ অন্যান্য সদস্যৰ লগত সাত মহীয়া শিশুটিও বৰ্তমান কোৱাৰেইণ্টাইনত আছে।

এনে অৱস্থাত দুৰ্ভগীয়া কেঁচুৱাটিৰ সন্মুখত থিয় দিয়ে নাগিনীজান চাহ বাগিছাৰ প্ৰাক্তন ছাত্ৰ নেতা তথা সমাজ কৰ্মী মহেন্দ্ৰ তাঁতীৰ পত্নী জ্যোতিকুশল দাসে।

ন মহীয়া এটি সন্তানৰ মাতৃ জ্যোতিকুশল দাসে সাত মহীয়া শিশুটিৰ পিঁয়াহ গুচাবৰ বাবে নিজৰ দুগ্ধপান কৰোৱাৰ লগতে ডেৰবছৰ পৰ্যন্ত লালন পালনৰ সকলো দায়িত্ব বহন কৰিছে।

মাতৃগৰাকীয়ে কেঁচুৱাটি কোলাত লৈ নিজৰ দুগ্ধপান কোৰৱা দৃশ্যই উপস্থিত সকলোকে অভিভূত কৰি তোলে।

জ্যোতিকুশল দাস ‘প্ৰত্যাশা’ নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ এগৰাকী সম্পাদিকা।

মাতৃগৰাকীৰ এই মহানুভৱতাক নাগিনীজান চাহ বাগিছাৰ সকলোৱে শলাগ লোৱাৰ লগতে জটিল সময়ত এয়া এক মানৱতাৰ উৎকৃষ্ট নিদৰ্শন বুলি অভিহিত কৰিছে।