মাতৃ-পুত্ৰৰ সন্ধানহীন, পৰিয়ালৰ মাজত হাহাকাৰ

July 26, 2021 0 By NEWS DESK

নিউজ ডেস্ক। চাপৰৰ হাতীপোতা গাঁৱত এজনী মহিলাসহ পুত্ৰ সন্তান নিৰুদ্দেশ।

যোৱা ১৪ জুলাই তাৰিখে গুৱাহাটীস্থিত সাতগাঁৱৰ ভাড়াঘৰৰ বজাৰ কৰিবলৈ ওলাই গৈ নিৰুদ্দেশ হৈ আছে মামনী খাতুনসহ একমাত্ৰ পুত্ৰ সন্তান।

মাতৃ-পুত্ৰক পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰিও কোনো সুফল নোপোৱা সাতগাঁও আৰক্ষী থানাত স্বামীয়ে উক্ত ঘটনা সম্পৰ্কে এখন এজাহাৰ দাখিল কৰে।

পত্নী-পুত্ৰ নিৰুদ্দেশ হোৱা ঘটনাটোক কোনো দুষ্ট চক্ৰই অপহৰণ কৰি নিয়া বুলি স্বামীয়ে সন্দেহ প্ৰকাশ কৰিছে।

উল্লেখ যে মামনী, পুত্ৰসহ স্বামী মইনুল হক কৰ্মসূত্ৰে গুৱাহাটীৰ সাতগাঁৱত ভাড়াতীয়া হিচাপে কেইবাবছৰ ধৰি বসবাস কৰি আহিছিল।

দম্পতিহালে একমাত্ৰ পুত্ৰ সন্তানৰ সৈতে সুখেৰে জীৱন-জাপন কৰি আছিল যদিও যোৱা ১৪ জুলাই তাৰিখে সাতগাঁৱৰ বজাৰত ধুবুৰী জিলাৰ হাতীপোতা গাঁৱৰ মামনী খাতুন নামৰ মহিলাগৰাকীয়ে নিজৰ পুত্ৰ সন্তানটি লগত লৈ বজাৰ কৰিব গৈছিল যদিও আজিলৈকে ঘৰলৈ উভতি অহা নাই।

স্বামীয়ে তেওঁৰ পত্নীৰ ম’বাইলত যোগাযোগ কৰিব বিচাৰে যদিও সংযোগ সীমাৰ বাহিৰত থকা বুলি জানিবলৈ দিয়ে।

ঘটনা সম্পৰ্কে আৰক্ষীয়ে তদন্ত চলায় আছে যদিও আজিলৈ কোনো সম্ভেদ নোপোৱাত পৰিয়ালৰ মাজত এক শোকাকুলৰ পৰিৱেশৰ সৃষ্টি হৈছে।

পৰিয়ালৰ লোকৰ আহ্বান কোনোবা সদাশয় ব্যক্তিয়ে যদি মাতৃ-পুত্ৰৰ সন্ধান পায় তেনেহ’লে ওচৰৰ আৰক্ষী থানাত জনাবলৈ কাতৰ অনুৰোধ জনাইছে।