মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহাঃ শিক্ষামন্ত্ৰী
June 12, 2021মাধ্যমিক শিক্ষা ঠিকাভিত্তিক নিয়োজিত শিক্ষকসকলৰ বাবে সুখবৰ।
শীঘ্ৰেই মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা।
এই শিক্ষকসকলৰ দৰমহাৰ বাবে বিত্ত বিভাগে মুকলি কৰিছে চিলিং।
শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে ফেচবুক যোগে সদৰী কৰিছে এই কথা।
উল্লেখ্য যে, এই শিক্ষকসকলে দীৰ্ঘদিন ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছিল।
শিক্ষা মন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে, তেওঁলোকৰ তিনি মাহৰ দৰমহা মুকলি কৰি দিছে বিত্ত বিভাগে।