মানকাচৰত BSF ৰ বাহন দুৰ্ঘটনা হোৱা ঠাই পৰিদৰ্শন উচ্চ পৰ্যায়ৰ বিষয়াৰ…
March 24, 2022মানকাচৰত BSF ৰ বাহন দুৰ্ঘটনা হোৱা ঠাই পৰিদৰ্শন উচ্চ পৰ্যায়ৰ বিষয়াৰ
ভাৰত বাংলাদেশ সীমান্তৰ ঝাউডাঙাত BSF ৰ বাহন দুৰ্ঘটনা হোৱা ঠাই পৰিদৰ্শন কৰিলে BSF ৰ উচ্চ পৰ্যায়ৰ বিষয়াই।
১৮ মাৰ্চত বিএছএফৰ জিপচি বাহন এখন ভয়াৱহ দুৰ্ঘটনাত পতিত হৈছিল।
বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত পথৰ পৰা বাগৰি এটা দ খাৱৈত পৰিছিল।
যাৰ ফলত জিপিচি খনৰ পাঁচজনকৈ জোৱানৰ ভিতৰত তিনিজন জোৱানে গভীৰ পানীৰ পৰা উঠি আহিবলৈ সক্ষম হয় যদিও তাৰে দুজন জোৱান মৃত্যুৰ মুখত পৰে।
বুধবাৰে বিএছএফৰ শীৰ্ষ বিষয়াই হেলিকপ্টাৰযোগে মানকাচৰ কামাখ্যাবাৰীত উপস্থিত হৈ ঘটনাস্থলী পৰিদৰ্শন কৰে।