মানসিক ৰোগৰ চিকিৎসা চলি আছে অখিল গগৈৰঃ মুখ্যমন্ত্ৰী শৰ্মা…

May 24, 2021 0 By Biraj Kalita

GMCH ত মানসিক ৰোগৰ চিকিৎসা চলি আছে অখিল গগৈৰ।

বিধানসভাৰ মজিয়াত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

বিধানসভাৰ পঞ্চদশ অধিৱেশনৰ আজি তৃতীয় তথা অন্তিম দিন।

অন্তিম দিনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী বিধায়কক অভিনন্দন আৰু আদৰণি জনায়।

ভাষণ প্ৰসংগত অখিল গগৈৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ‘ভৰত নৰহ ডাঙৰীয়াই কৈছিল অখিল গগৈক সদনত থকাৰ অনুমতি দিব লাগে। কিন্তু প্ৰশ্ন হ’ল বেমাৰী মানুহ এজনক কেনেকৈ সদনত বহুৱাব? অখিল গগৈক ৪ মাহে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা কৰি থকা হৈছে। লগতে চিকিৎসকে কৈছে মানুহজনৰ মানসিক অৱস্থা ভাল নাই। তেখেতে মানসিক ৰোগৰ চিকিৎসা পাই আছে।’

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- অখিল গগৈয়ে সিদিনা সদনলৈ আহি ক’ভিড প্ৰটকল পাহৰি ইজন বিধায়কৰ পৰা সিজন বিধায়কৰ ওচৰলৈ গৈছে। মই তেতিয়া চিকিৎসকসকলক সোধিছিলো, অখিল গগৈটো সুস্থ অৱস্থাত আছে, আপোনালোকে তেওঁক কিয় চিকিৎসালয়ত ৰাখিছে? মোক চিকিৎসকে তেতিয়া কৈছে এইটোৱে তেওঁৰ বেমাৰ। সদনলৈ আহি ইজনৰ পিছত আনজনৰ কাষলৈ যোৱাটোৱেই তেওঁৰ বেমাৰ।’

ইপিনে চৰকাৰে ক’ভিড প্ৰট’কল মানিহে অখিল গগৈক বাছত আনিছিল বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

লগতে চাওকঃ

আইন ভংগ কৰি ভৰিলে জৰিমনা, অনুতপ্ত হৈ এইটাে কাম কৰিলে এগৰাকী মন্ত্ৰীয়ে…

DRDO ৰ ক’ভিড প্ৰতিৰোধী ঔষধ 2DG ৰ উদ্ভাৱনৰ সৈতে জড়িত অসমৰ এগৰাকী জীয়ৰী