মানস ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হ’ল চাৰিটা দুষ্প্রাপ্য নল গাহৰি…

June 27, 2021 0 By Biraj Kalita

মানস ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হ’ল চাৰিটা দুষ্প্রাপ্য নল গাহৰি।

মানস ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সহযোগত পিগমি হ’গ কঞ্জাৰভেচন প্ৰগেমৰ অধীনত উদ্যানখনৰ ভূঞাপাৰা ৰেঞ্জৰ এক বিশেষ অঞ্চলত মুকলি কৰি দিয়া হয় নল গাহৰি কেইটা।

পি এইছ চি পিৰ  অধীনত চলিত মাহৰ কেইদিনমান পূৰ্বে আঠটা আৰু যোৱা বছৰ ১৪ টা গাহৰি মুঠ ২৬ টা মুকলি কৰি দিয়া হয়। আনহাতে আজি চাৰিটা নল গাহৰি মুকলি কৰি দিয়া হয় মানসৰ বুকুত।

তদুপৰি  আঁচনিখনৰ অধীনত মানসত ২০২৫ ৰ ভিতৰত সৰ্বমুঠ ৬০ টা নল গাহৰি মুকলি কৰি দিয়াৰ লক্ষ্য হাতত লৈছে।

বৰ্তমানে মানসত প্ৰায় দুশ নল গাহৰি থকা বুলি জানিবলৈ দিয়ে উদ্যানখনৰ সঞ্চালক অমল চন্দ্ৰ শৰ্মাই।

উল্লেখ্য যে এই মাহত মুকলি কৰি দিয়া ১২ টাৰ ভিতৰত পাঁচটা মতা আৰু সাতটা মাইকী নল গাহৰি মুকলি কৰি দিয়া হয়।

বৰ্তমানলৈ মুকলি কৰি দিয়া গাহৰিৰ সংখ্যা ১৪২ টা।