মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, দুৰ্ঘটনাত মৃত্যু হোৱা হিন্দু যুৱকৰ পৰিয়ালৰ দায়িত্ব ল’লে ইছলামধৰ্মী লোকে…

May 28, 2021 0 By Biraj Kalita

মানৱতাৰ এক উৎকৃষ্ট নিদৰ্শন!

ৰ্ঘটনাত মৃত্যু হোৱা হিন্দু যুৱকৰ পৰিয়ালৰ দায়িত্ব ল’লে ইছলামধৰ্মী লোকে।

২২ মে’ তাৰিখে দুৰ্ঘটনাত মৃত্যু হোৱা ৰঞ্জন ভৌমিক নামৰ এজন হিন্দু যুৱকৰ  পৰিয়ালৰ দায়িত্ব ল’লে ইছলামধৰ্মী লোকে৷

দুৰ্ঘটনাত মৃত্যু হোৱা ৰঞ্জন ভৌমিকৰ পৰিয়ালক পাঁচবছৰৰ বাবে আৰ্থিক সাহায্য আগবঢ়াব মোৰাঝাৰ প্ৰগতিশীল যুৱ মঞ্চই।

উল্লেখ্য যে, ২২ মে’ত মোৰাঝাৰ থানাৰ অন্তৰ্গত উত্তৰ বান্দৰমেলা গাঁৱৰ দয়াময় ভৌমিকৰ পুত্ৰ ৰঞ্জন ভৌমিক এক দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লয়৷

যুৱকজনৰ মৃত্যুত সমগ্ৰ পৰিয়ালটোৰ পানীত হাঁহ নচৰা অৱস্থা হয়৷

আৰ্থিক অভাৱত পৰিয়ালটো তীব্ৰ সংকটৰ সন্মুখীন হোৱা কথা জানিব পাৰি আৰ্থিকভাৱে সহায় আগবঢ়াবলৈ আগবাঢ়ি আহে মোৰাঝাৰ প্ৰগতিশীল যুৱ মঞ্চৰ সদস্যসকল।

প্ৰগতিশীল যুৱ মঞ্চৰ সভাপতি ছুহেল আহমেদে জানিবলৈ দিয়ে যে প্ৰগতিশীল যুৱ মঞ্চই প্ৰতি মাহত ১৫০০ টকাকৈ ৫ বছৰ অসহায় পৰিয়ালটোক আৰ্থিক সাহায্য আগবঢ়াই যাব৷ 

প্ৰগতিশীল যুৱ মঞ্চই আগবঢ়োৱা এই সহায়ৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা ৰঞ্জন ভৌমিকৰ পৰিয়ালবৰ্গই৷