মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ ১০ গৰাকী যুৱতীসহ ৫ জন যুৱক…
July 21, 2021মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ ১০ গৰাকী যুৱতী সহ ৫ জন যুৱক।
ৰঙিয়া ষ্টেচনত টহলদাৰী আৰপিএফে অভিযান চলাই মানৱ সৰবৰাহকাৰীৰ কৱলৰ উদ্ধাৰ কৰে যুৱক-যুৱতীসকলক।
লগতে মানৱ সৰবৰাহৰ লগত জড়িত এগৰাকী মহিলাকো আটক কৰিবলৈ সক্ষম হয় আৰপিএফে।
উদ্ধাৰ হোৱা আটাইকেইজনৰ ঘৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত বিন্দুগুৰীত।
আনহাতে আটক হোৱা মহিলাগৰাকীৰ নাম চাবিনা নায়ক বুলি জানিব পৰা গৈছে।
সৰবৰাহকাৰীয়ে আটাইকেইজনক মুম্বাইৰ মাছৰ কোম্পানী এটাত কাম কৰাৰ প্ৰলোভনেৰে নিবলৈ ওলোৱা মুহূৰ্তত আৰপিএফে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
পিছত সৰবৰাহকাৰীসহ উদ্ধাৰ কৰা আটাইকেইজনক জিআৰপি থানাত চমজাই দিয়া হয়।