মালবাহী বাহনত গৰু-ছাগলীৰ দৰে কঢ়িওৱা হয় চাহ শ্ৰমিকক! সৰৱ চাহ মজদুৰ সংঘ
September 4, 2021নিউজ ডেস্ক। মালবাহী বাহনত গৰু-ছাগলী কঢ়িওৱাৰ দৰেই শ্ৰমিকক যাতায়ত কৰে একাংশ চাহ বাগিচা কৰ্তৃপক্ষই। এনে বিপজ্জনক যাত্ৰাৰ বাবে বহু সময়ত সংঘটিত হৈ দুৰ্ঘটনা।
সেয়ে এনে যান-বাহন জব্দ কৰি মালিকপক্ষক সকীয়নি ভাৰতীয় চাহ মজদুৰ সংঘৰ গােলাঘাট জিলা শাখাৰ।
জানিব পৰা মতে, ভাৰতীয় চাহ মজদুৰ সংঘৰ গোলাঘাট জিলা শাখাই এক অভিযানত ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথত চাহ শ্ৰমিক কঢ়িয়াই অনা বাহনৰ বিৰুদ্ধে অভিযান চলায়।
এই অভিযান কালত কেইবাখনো মালবাহী বাহন জব্দ কৰি শ্ৰমিকসকলক নমাই দিয়ে।
একাংশ চাহবাগিচাই বাগিচাত কাম কৰিবৰ বাবে বিভিন্ন ঠাইৰ পৰা মালবাহী বাহনে শ্ৰমিক অনা-নিয়াৰ বিৰোধিতা কৰে সংঘই।
যাত্ৰীবাহী বাহনৰ পৰিৱৰ্তে মালবাহী বাহনত জীৱ-জন্তু অনাৰ দৰে আনি শ্ৰমিক সকলক নিৰ্যাতন চলোৱাৰ অভিযোগ তুলি পৰিবহণ বিভাগ আৰু আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছে ভাৰতীয় চাহ মজদুৰ সংঘই।