মালবাহী ৰে’লৰ ৪ ডবা লাইনচ্যুত

August 12, 2021 0 By NEWS DESK

যোৰহাটৰ লাহতিৰ সমীপত লাইনচ্যুত হ’ল মালবাহী ৰে’লৰ ডবা। ফলত বন্ধ হৈ পৰে যোৰহাট-মৰিয়নীৰ পথচোৱাৰ লগতে গড়মূৰ জেইচি পথ।

যোৰহাটৰ জেপিআৰস্থিত গুডয়াৰ্ডলৈ সামগ্ৰী অনা এখন মালবাহী ৰে’লৰ চাৰিটাকৈ ডবা লাইনচ্যুত হোৱাত যোৰহাট-মৰিয়নীৰ গড়ালীৰ পথটোৰ লগতে গড়মূৰ জেইচি পথটো বন্ধ হৈ পৰে।

উল্লেখ্য যে বুধবাৰে যোৰহাটৰ নগৰৰ জিপিআৰৰ গুডয়াৰ্ডলৈ সামগ্ৰী কঢ়িয়াই অনা ১৪৯৬৯ নম্বৰৰ এখন মালবাহী ৰে’ল বেক কৰি যোৰহাট বাঁহবাৰীস্থ ৰে’ল ষ্টেচনলৈ ঘূৰি যাওঁতে লাহতিৰ সমীপত এটা ডবাৰ চাৰিটাকৈ ডবা লাইনচ্যুৎ হয়।

ফলত যোৰহাট-মৰিয়নী আৰু গড়মূৰ ইঞ্জিনীয়াৰিং কলেজলৈ যোৱা পথটো বন্ধ হৈ পৰে।

উল্লেখ্য যে মৰিয়নীৰ পৰা ৰে’ল বিভাগৰ কাৰিকৰী দল এটা আহি উক্ত ডবাটো উদ্ধাৰৰ বাবে যোজা চলাই আছে।