মােমায়েকৰ ঘৰলৈ ফুৰিবলৈ গৈ সন্ধানহীন কিশােৰী

February 20, 2022 0 By NEWS DESK

নীলবাগানৰ উত্তৰ আশিনগৰৰ এগৰাকী কিশোৰী নিৰুদ্দেশ।

ডিমাপুৰত গৈ নিৰুদ্দেশ হয় কিশোৰীগৰাকী।

উত্তৰ আশিনগৰৰ বাসিন্দা ফৰিজুল হকৰ জীয়ৰী মেৰীনা বেগমে নিজৰ মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ গৈ সন্ধানহীন হোৱা ঘটনাই এতিয়া সমগ্ৰ আশিনগৰতে চাঞ্চল্যই বিৰাজ কৰিছে।

সন্ধানহীন হোৱা মেৰীনা বেগমক বিচাৰি পৰিয়ালৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে।

কোনো সদাশয় লোকে নিৰুদ্দিষ্ট মেৰীনা বেগমৰ কিবা সন্ধান লাভ কৰে তেন্তে পৰিয়াল নাইবা ওচৰৰ আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান পৰিয়ালৰ লোকৰ।