মােমায়েকৰ ঘৰৰ পৰা নিৰুদ্দেশ ৯ বছৰীয়া শিশু

December 26, 2021 0 By NEWS DESK

নিউজ ডেস্ক। মৰিগাঁও জিলাৰ লাহৰীঘাটত এটি তৃতীয় শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ নিৰুদ্দেশ হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

জানিব পৰা মতে, লাহৰীঘাটৰ তিনিচুকীয়া ঔতলাবড়ীৰ মাৰজাফুল ইছলাম নামৰ ৯ বছৰীয়া ছাত্ৰজন শনিবাৰৰ দুপৰীয়াৰ পৰা নিৰুদ্দেশ হৈ আছে।

পৰিয়ালৰ লোকে বহুত বিচাৰ খোচাৰ কৰিও শিশুটিৰ কোনো সন্ধান নপায় পৰিয়ালৰ লোক শোকত ভাগি পৰিছে।

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে লাহৰীঘাট আৰক্ষী থানাত এখন জাননী দিয়ে।

লাহৰীঘাটৰ শ’লমাৰী গাৱঁৰ ছাজাহান আলীৰ ৯ বছৰীয়া পুত্ৰ তিনিচুকীয়া ঔতলাবড়ীৰৰ মোমায়েকৰ ঘৰত থাকি তিনিচুকীয়া ব্ৰহ্মপুত্ৰ ভেলী একাডেমীত ৩য় শ্ৰেণীত অধ্যয়ন কৰি আছিল।

শনিবাৰে দুপৰীয়া পৰা ঔতলাবড়ীৰ মোমায়েকৰ ঘৰৰ পৰাই শিশুটি নিৰুদ্দেশ হৈ আছে।

যদি কোনো সদাশয় ব্যক্তিয়ে শিশুটিৰ কোনো সন্ধান পায় তেন্তে 6003318228 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়।

লগতে চাওকঃ

চাওক আপােনাৰ সাপ্তাহিক ৰাশিফল