মাৰ্চৰ প্ৰথম সপ্তাহৰ পৰা অনুষ্ঠিত হ’ব ২০২১ বৰ্ষৰ HSৰ কলা, বিজ্ঞান, বাণিজ্য শাখাৰ পৰীক্ষা!
January 1, 2021নৱবৰ্ষৰ প্ৰথম দিনটোতে ৰাজ্যৰ শিক্ষাৰ্থী সকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ।
মাৰ্চৰ প্ৰথম সপ্তাহৰ পৰা অনুষ্ঠিত হ’ব ২০২১ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান, বাণিজ্য শাখাৰ পৰীক্ষা।
উল্লেখ্য যে, এইবাৰ পৰীক্ষাত হ্ৰাস কৰিব ৩০% পাঠ্যক্ৰম।
তদুপৰি পৰীক্ষা স্বচ্ছ ভাবে সম্পন্ন কৰিবলৈ হাতত লৈছে আন কেইবাটাও পদক্ষেপ।
ইতিমধ্যে পৰীক্ষা সুচাৰুৰূপে সম্পূৰ্ণ কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে শিক্ষা সংসদে।
শিক্ষা সংসদৰ সচিবৰ নেতৃত্বত গঠন কৰা হৈছে এখন উচ্চপৰ্যায়ৰ কমিটী।
পৰীক্ষা স্বচ্ছ ভাবে সম্পন্ন কৰিবলৈ এইবাৰ প্ৰথম বাৰৰ বাবে পৰীক্ষা কেন্দ্ৰৰ দায়িত্বত থকা শিক্ষানুস্থানৰ মুৰব্বীয়ে নিজৰ দক্ষতাৰ ওপৰত নিশ্ৰীত পত্ৰত স্বাক্ষৰ কৰি দিব লাগিব শিক্ষা সংসদৰ সচিবক।
সমান্তৰাল ভাৱে প্ৰতিটো কেন্দ্ৰত সুউচ্চ দেৱাল, চিচিটিভি, নিকটৱৰ্তী ডাকঘৰ, চিকিৎসালয় থকাটো হ’ব বাঞ্চনীয়।