মিজোৰামৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ অসমীয়া যুৱ মঞ্চৰ
July 30, 2021নিউজ ডেস্ক। অসম-মিজােৰাম সীমান্তত সংঘটিত ঘটনাক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ।
এইবাৰ এই ঘটনাৰ বিৰুদ্ধে উত্তৰ লখিমপুৰৰ নগৰৰ ৰাজপথত জ্বলিল মিজোৰামৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি।
অসমীয়া যুৱ মঞ্চ লখিমপুৰ জিলা সমিতিয়ে উত্তৰ লখিমপুৰ নগৰৰ কে বি ৰোডত প্ৰতিবাদ সাব্যস্ত কৰি দাহ কৰিলে মিজোৰামৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি।
প্ৰতিবাদকাৰীয়ে মিজোৰামৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্ল’গান দি লখিমপুৰৰ আকাশ-বতাহ কঁপাই তোলে।