মিত্রজোঁটত চৰকাৰ গঠনৰ তৎপৰতা, আজি বিজেপি বিধায়িনী দলৰ বৈঠক…

May 4, 2021 0 By Biraj Kalita

মিত্রজোঁটত আৰম্ভ হৈছে দ্বিতীয়টো কার্যকালৰ চৰকাৰ গঠনৰ তৎপৰতা।

ইতিমধ্যে বিজেপিৰ সমান্তৰালভাৱে দুই অংশীদাৰ অগপ আৰু ইউ পি পি এলৰ অভ্যন্তৰত বিভিন্ন সমীকৰণ চলিছে৷

দিছপুৰৰ বাহিৰে–ভিতৰে সমগ্র বিষয়টোক লৈ চর্চা অব্যাহত থকাৰ সময়তে আজি অনুষ্ঠিত হ’ব মিত্রজোঁটক নেতৃত্ব দিয়া বিজেপি বিধায়িনী দলৰ বৈঠক৷

এই বৈঠকতে বিজেপি বিধায়িনী দলৰ নেতা নির্বাচনৰ বিষয়টোৱে মূলতঃ অগ্রাধিকাৰ লাভ কৰিব৷

এই কথা উল্লেখৰ প্ৰয়োজন নাই যে বিজেপি বিধায়িনী দলৰ নেতাজনেই হ’ব ৰাজ্যৰ পৰৱর্তী মুখ্যমন্ত্রী৷

বিধায়িনী দলৰ বৈঠকৰ প্রতি লক্ষ্য ৰাখি ইতিমধ্যে বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্বই পর্যবেক্ষক ৰূপে নিযুক্তি দিছে কেন্দ্রীয় কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰক৷

ৰাজ্যিক বিজেপিৰ এক শীর্ষ সূত্রই প্রকাশ কৰা অনুসৰি অসমত দলৰ নির্বাচনী প্রভাৰী হিচাপে দায়িত্ব পালন কৰা কেন্দ্রীয় কৃষিমন্ত্রী টোমৰক কেন্দ্রীয় সংসদীয় ব’র্ডে প্রতিনিধি হিচাপে অসমলৈ প্রেৰণ কৰিছে৷ হয়তো আজি কেন্দ্রীয় কৃষিমন্ত্রী টোমৰে ৰাজ্যৰ পৰৱর্তী মুখ্যমন্ত্রী কোন হ’ব, সেই সন্দর্ভত এক নাম নির্বাচিত বিধায়কসকলৰ সন্মুখত দাঙি ধৰিব পাৰে অথবা বৈঠকত বিধায়কসকলে কাক বিধায়িনী দলৰ নেতা তথা মুখ্যমন্ত্রী হিচাপে বিচাৰে, সেই সন্দর্ভত তেওঁ মতামত গ্রহণ কৰিব৷

ইয়াৰ পাছতে কেন্দ্রীয় কৃষি মন্ত্রী টোমৰে নির্বাচিত বিধায়কৰ সিদ্ধান্ত সংসদীয় ব’ৰ্ডৰ ওচৰত দাখিল কৰিব৷ সেই সিদ্ধান্তৰ ওপৰতে বিজেপিৰ সংসদীয় ব’র্ডে অসমত পৰৱর্তী বিধায়িনী দলৰ নেতা তথা মুখ্যমন্ত্রী কোন হ’ব সেয়া ঘোষণা কৰিব৷

ইফালে, ৰাজ্যত মিত্রজোঁটৰ চৰকাৰ গঠন নিশ্চিত হোৱাৰ পাছতে  মুখ্যমন্ত্রী সোণোৱালক সাক্ষাৎ কৰিলে ৰাজ্যিক প্রভাৰী তথা ৰাষ্ট্রীয় উপ–সভাপতি বৈজয়ন্ত জয় পাণ্ডাই৷

প্রভাৰীগৰাকীয়ে ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতেও আন এক বৈঠকত মিলিত হয়৷

লক্ষণীয়ভাৱে ৰাজ্যৰ পৰৱর্তী মুখ্যমন্ত্রী কোন হ’ব, তাক লৈ চলি থকা জল্পনা–কল্পনাৰ মাজতে  ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে স্পষ্ট কৰি দিছে যে নৱনির্বাচিত বিধায়কসকলৰ সিদ্ধান্ত গ্রহণৰ পাছত সংসদীয় ব’র্ডে ঘোষণা কৰিব পৰৱর্তী মুখ্যমন্ত্রী কোন হ’ব৷