মিৰ্জাৰ ‘আয়াত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল’ত নৱাগত আদৰণি সভা তথা বিদায় সম্ভাষণ

February 18, 2022 0 By NEWS DESK

নিউজ ডেক্স। উখল-মাখল পৰিৱেশ মিৰ্জাস্থিত ‘আয়াত ছিনিয়ৰ চেকেণ্ডাৰী স্কুল’ চৌহদ। শুকুৰবাৰে দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত ‘আয়াত ছিনিয়ৰ চেকেণ্ডাৰী স্কুল’ত অনুষ্ঠিত কৰা হয় পঞ্চম বাৰ্ষিক নৱাগত আদৰণি তথা বিদায় সম্ভাষণ সভা।

আগন্তুক উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱত্তীৰ্ণ হোৱা প্ৰতিজন ছাত্ৰ-ছাত্ৰীকে একোখনকৈ মানপত্ৰ আৰু এটিকৈ কলম উপহাৰ দি ছাত্ৰ-ছাত্ৰী সকলক বিদায় সম্ভাষণ জনাই তেওঁলোকক গঠনমূলক পৰামৰ্শ প্ৰদানেৰে উজ্বল ভৱিষ্যত কামনা কৰে প্ৰধান অধ্যক্ষ ড০ মানস জ্যোতি গোস্বামীৰ লগতে।

লগতে কলেজখনত নতুন শিক্ষা নীতি হিচাপে নাম ভৰ্তি কৰা নৱম, দশম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন নৃত্য-গীত, কবিতা তথা সাংস্কৃতিক অনুষ্ঠানেৰে আদৰণি জনায়।

উল্লেখ্য যে, আয়াত ছিনিয়ৰ চেকেণ্ডাৰী স্কুলখনত বিগত বৰ্ষত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান কৰা হৈছিল যদিও ২০২২ বৰ্ষৰ পৰা নতুন শিক্ষানীতি হিচাপে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ অন্তৰ্ভুক্ত থাকিব বুলি কলেজ কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

উল্লেখ্য যে, দশম শ্ৰেণীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ বিপৰীতে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ প্ৰতি ছমাহৰ মূৰে মূৰে পৰীক্ষা অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিয়ে।