মুকবধিৰ যুৱতী সন্ধানহীন
July 27, 2021নিউজ ডেস্ক। কামৰূপ জিলাৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত ৰংগেশ্বৰী গাঁৱৰ এগৰাকী মুকবধিৰ যুৱতী ঘৰৰ পৰাই সন্ধানহীন হয়।
সোমবাৰে পুৱাই ঘৰৰ পৰা কিবা কথাত খং কৰি কহিনুৰ আলম (২৮) নামৰ যুৱতীগৰাকী নগৰবেৰালৈ আহে।
যুৱতীগৰাকীক গুৱাহাটী অভিমুখী গাড়ীত উঠা প্ৰত্যক্ষ কৰা বুলি জানিব পৰা গৈছে।
গাঁওখনৰ আব্দুল কদ্দুচৰ মুকবধিৰ কন্যাগৰাকীৰ কোনো সন্ধান পালে ওচৰৰ আৰক্ষীক খবৰ দিবলৈ অথবা পৰিয়ালৰ ৮৭২৪০-৮৯৩৮৩ নম্বৰত ফোন যোগে জনাবলৈ পৰিয়ালৰ ফালৰ পৰা অনুৰোধ জনাইছে।
ঘটনা সন্দৰ্ভত ইতিমধ্যে স্থানীয় আৰক্ষীক অৱগত কৰাইছে পৰিয়ালৰ লোকে।