মুকলি আকাশৰ তললৈ বিধায়ক অখিল গগৈ…

July 1, 2021 0 By Biraj Kalita

মুকলি আকাশৰ তললৈ আহিল অখিল গগৈ।

চানমাৰি থানাৰ গোচৰত দোষমুক্ত বুলি ঘোষণা নিয়াৰ আদালতৰ।

২০১৯ ৰ ১২ ডিচেম্বৰৰ পৰা বিগত ১৮ টা মাহে কাৰাৰুদ্ধ এটি জীৱন কটালে অখিলে।

বহুতো দোষত দোষী সাব্যস্ত হৈ থাকি অৱশেষত ২০২১ৰ ১ জুলাই তাৰিখে আহিল ভাল খবৰটো।

প্ৰথমে প্ৰায় ১২ টা গোচৰত জামিন লাভ কৰিছে গগৈয়ে।

তাৰ পিছতে NIA আদালতে অখিল গগৈৰ বিৰুদ্ধে দুটাকৈ নতুন গোচৰ ৰুজু কৰিছিল। এই দুটাৰ ভিতৰত চাবুৱা থানাৰ গোচৰতো ইতিমধ্যে দোষমুক্ত হৈছিল গগৈ।

১ জুলাইৰ পুৱা ১০ বজাত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক চান্দমাৰীস্থিত NIA আদালতত হাজিৰ কৰোৱা হৈছিল।

আৰু আদালতে সকলো গোচৰৰ পৰা দোষমুক্ত কৰি দিয়ে অকিল গগৈক।

কাৰাবন্দী নেতাগাৰাকীয়ে মুকলি আকাশৰ তললৈ আহিয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।

ভুৱা গোচৰত ইমান দিনে বন্দী কৰি ৰখা বুলি মন্তব্য অখিল গগৈৰ।

গগৈয়ে কয়- ‘এইয়া ভাৰতীয় ন্যায়িক ব্যৱস্থাৰ এক ঐতিহাসিক দিন।’

অসমবাসী ৰাইজকো ধন্যবাদ জনায় অখিল গগৈয়ে।

মুক্তিৰ পাছতে ’কা’ আন্দোলনৰ শ্বহীদ ছেম ষ্টেফ’ৰ্ডৰ ঘৰলৈ যায় অখিল গগৈ।

কাইলৈ পুৱা শিৱসাগৰলৈ ৰাওনা হ’ব অখিল গগৈ।