মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ব্যক্তিগত নিৰাপত্তাৰক্ষী এৰিলে সাংসদ ডাঃ ৰাজদীপ ৰয়ে
January 3, 2022নিউজ ডেস্ক। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দলীয় নেতা-কৰ্মীক পিএছঅ’ ত্যাগ কৰিবলৈ জনােৱা আহ্বানৰ প্ৰতি ইতিমধ্যে সঁহাৰি জনাইছে বহু দলীয় বিধায়ক তথা নেতাই।
এইবাৰ দলৰ সাংসদ ডাঃ ৰাজদ্বীপ ৰয়ে এই আহ্বানৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই এৰিলে নিজৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী।
কেৱল পিএছঅ’ ত্যাগ কৰাৰ লগতে তেওঁ এছক’ৰ্ট আৰু হাউছ গাৰ্ড ত্যাগ কৰাৰো সিদ্ধান্ত লয়।
ইতিমধ্যে এই সিদ্ধান্তৰ বিষয়ে সাংসদগৰাকীয়ে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰলৈ এখন পত্ৰ প্ৰেৰণ কৰি অৱগত কৰিছে।
পত্ৰখনৰ জৰিয়তে তেওঁ নিজৰ লগত নিয়োজিত পি এছ অ’, এছক’ৰ্ট আৰু হাউছ গাৰ্ড প্ৰত্যাহাৰ কৰিবলৈ আৰক্ষী অধীক্ষকলৈ আহ্বান জনায়।
Released the @assampolice personnel (PSO,Escorts and Houseguards) who served me for almost 3yrs with honour and dignity.@himantabiswa @DGPAssamPolice
— Dr Rajdeep Roy MP ( MS, MCh) (@drrajdeeproy) January 2, 2022
(Never subjected them to menial jobs for personal gratification) pic.twitter.com/yTGVuVDASC
বিষয়টো সন্দৰ্ভত সাংসদ ৰয়ে কয়- মোৰ নিৰাপত্তাৰ দায়িত্বত থকা পি এছ অ’, এছক’ৰ্ট আৰু হাউছ গাৰ্ডে সন্মান আৰু মৰ্যাদাৰে মোৰ ৩ বছৰ ধৰি সেৱা কৰি আহিছে। ব্যক্তিগত সন্তুষ্টিৰ বাবে তেওঁলোকক কেতিয়াও কোনো ধৰণৰ কাম-কাজত মই খটোৱা নাই।
মুখ্যমন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি জনাই তেওঁ পি এছ অ’ এৰি দিয়াৰ সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰে।
Indeed a great example of a spirited and true @BJP4India Karyakarta . My deep gratitude to you @drrajdeeproy https://t.co/wuezZ6YUNQ
— Himanta Biswa Sarma (@himantabiswa) January 2, 2022
ইপিনে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি সাংসদগৰাকীৰ এনে সিদ্ধান্তক আদৰণি জনাইছে।