মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব ল’লে ভৱেশ কলিতাই

June 29, 2021 0 By Biraj Kalita

ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব ল’লে ভৱেশ কলিতাই।

সোমবাৰে হেঙেৰাবাৰীস্থিত বিজেপিৰ কাৰ্য্যনির্বাহক সভা অনুষ্ঠিত হয়।

উক্ত সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে ভৱেশ কলিতাই।

সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰা অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল আৰু প্ৰাক্তন সভাপতি তথা মন্ত্ৰী ৰঞ্জিত দাসৰ লগতে উপস্থিত থাকে বিজেপিৰ কেইবাগৰাকী নেতা কৰ্মী।

আনহাতে উক্ত অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্স যোগে সংযুক্ত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা।