মুখ্যমন্ত্ৰীৰ উপস্থিতি অসম আৰক্ষীয়ে দাহ কৰিব বৃহৎ পৰিমানৰ ড্ৰাগছ, গাঞ্জা…
July 17, 2021মুখ্যমন্ত্ৰীৰ উপস্থিতি অসম আৰক্ষীয়ে দাহ কৰিব বৃহৎ পৰিমানৰ ড্ৰাগছ, গাঞ্জা।
গোলাঘাটত দাহ কৰা হ’ব ড্ৰাগছকে ধৰি বিভিন্ন নিচাযুক্ত সামগ্ৰী।
দাহ কৰিবলগীয়া এই নিচাযুক্ত সামগ্ৰীখিনি আৰক্ষীয়ে বিভিন্নসময়ত উদ্ধাৰ কৰা।
এই নিচাযুক্ত দ্ৰব্যখিনিৰ মাজত হিৰ’ইন আছে ৮২০ গ্ৰাম, ১৫ টা বেগত গাঞ্জা আছে প্ৰায় ১২০০ কেজি আৰু অপিয়াম আছে ৩ কেজি।
লগতে নিচাযুক্ত টেবলেট আছে ১০ লাখ ৬১ হাজাৰ ১৭৭ টা।
গোলাঘাট আৰক্ষী ছাউনীৰ প্লে গ্ৰাউণ্ডত অনুষ্ঠিত হৈ এই সকাৰ্যসূচী।
এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ লগতে কেইবাগৰকীও মন্ত্ৰী।