মুখ্যমন্ত্ৰীৰ উপস্থিতিত অসম আৰক্ষীয়ে দাহ কৰিলে কোটি কোটি টকাৰ ড্ৰাগছ…

July 17, 2021 0 By Biraj Kalita

মুখ্যমন্ত্ৰীৰ উপস্থিতিত অসম আৰক্ষীয়ে দাহ কৰিলে কোটি কোটি টকাৰ ড্ৰাগছ।

গোলাঘাটত ৰাজহুৱাকৈ দাহ কৰা হ’ল ড্ৰাগছকে ধৰি বিভিন্ন নিচাযুক্ত সামগ্ৰী।

দাহ কৰিব লগা এই নিচাযুক্ত সামগ্ৰীখিনি আৰক্ষীয়ে বিভিন্ন সময়ত উদ্ধাৰ কৰে।

দাহন কৰা সামগ্ৰী সমূহৰ ভিতৰত ১০ কেজি হিৰ’ইন যাৰ বজাৰ মূল্য অতি কমেও মূল্য ২০ কোটি টকা, ১২০০০ কেজি কেনাবিন, ১৫ পেকেট গাঞ্জা, ৩ কেজি অপিয়াম, ১০৬১৭০ আৰু ৮৪.৩৭৫ কেজি অন্যান্য টেবলেট।

নিজৰ ভাষনত মুখ্যমন্ত্ৰী শৰ্মাই আইনৰ গণ্ডীত থাকি চৰকাৰ ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে অধিক কঠোৰ হ’ব বুলি সদৰি কৰে। ইয়াৰ পিছতো ড্ৰাগছ ব্যৱসায়ীয়ে যদি বিষয়টো সহজভাৱে লৈছে,সেয়া ভুল কৰিছে বুলিও নিজৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ।

অসমৰ আৰক্ষীক দিনে নিশাই ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী আদি জব্দ কৰাৰ বাবে প্ৰশংসাও কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

গোলাঘাটৰ আৰক্ষী ছাউনীৰ প্লে গ্ৰাউণ্ডত অনুষ্ঠিত হয় এই ৰাজহুৱাকৈ ড্ৰাগছ দহন কাৰ্যসূচী।

এই অনুষ্ঠানত মু্খ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও উপস্থিত থাকে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ লগতে কেইবাগৰাকীও মন্ত্ৰী।