মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক অনুদান আগবঢ়ালে জুবিন গাৰ্গে…

June 16, 2021 0 By Biraj Kalita

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক অনুদান আগবঢ়ালে জুবিন গাৰ্গে।

ক’ভিড-১৯ টিকাকৰণ অভিযান শক্তিশালী কৰাৰ বাবে মুখ্যমন্ত্ৰী কাৰ্যালয়ত উপস্থিত হৈ ড০ হিমন্ত বিশ্ব শৰ্মাক ১ লাখ টকাৰ চেক প্ৰদান কৰে।

টুইটাৰযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ লগতে তেওঁলোকৰ দলটোক এই কাৰ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

মুখ্যমন্ত্ৰী শৰ্মাই টুইটটোত কয়, ‘চলিত ক’ভিড-১৯ টিকাকৰণ অভিযান শক্তিশালী কৰাৰ বাবে, বৃন্দাবন ছুপাৰমাৰ্টৰ প্ৰতিনিধিসকলৰ সৈতে প্ৰখ্যাত গায়ক জুবিন গাৰ্গে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ লাখ টকাৰ বৰঙনি আগবঢ়াইছে। এই সদিচ্ছাৰ বাবে মুখ্যমন্ত্ৰী তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে।’