মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১০ লাখ টকাৰ অনুদান অসম প্ৰদেশ কংগ্ৰেছৰ…

July 7, 2021 0 By Biraj Kalita

মুখ্যমন্ত্ৰীৰ ক’ভিড সাহায্য পুঁজিলৈ ১০ লাখ টকাৰ অনুদান অসম প্ৰদেশ কংগ্ৰেছৰ।

মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়ত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত অসম কংগ্ৰেছ বিধায়িনী দলৰ এটা সজাতি দল উপস্থিত হৈ আগবঢ়ায় এই বৃহৎ পৰিমাণৰ পুঁজি।

ৰাজ্যত ক’ভিড মহামাৰীক পৰাভুত কৰিবলৈ চলি থকা যুদ্ধত কংগ্ৰেছৰ ফালৰ পৰা দিব পৰা সহযোগ হিচাপে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১০ লাখ আগবঢ়াই।

এই সাক্ষাৎ অনুষ্ঠানত শইকীয়াৰ সৈতে উপস্থিত থাকে কংগ্ৰেছ বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইন আৰু সন্মানীয় বিধায়কসকল ক্ৰমে ৱাজেদ আলি চৌধুৰী, ৰেকিবুদ্দিন আহমেদ, জাকিৰ হুছেইন শিকদাৰ, ভৰত নৰহ, শিৱামণি বৰা, আব্দুল কালাম ৰচিদ আলম, আব্দুৰ ৰচিদ মণ্ডল, বসন্ত দাস, দিগন্ত বৰ্মন, আফতাব উদ্দিন মোলাহ আৰু ড° আচিফ মহম্মদ নাজাৰে।