মুখ্যমন্ত্ৰী সাহাৰ্য্য নিধিলৈ এমাহৰ দৰমহা আগবঢ়ালে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই…
June 4, 2021ৰাজ্যত অব্যাহত আছে কৰ’ণাৰ সংহাৰ।
ক’ভিড মহামাৰীক পৰাভূত কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে কেতবোৰ সতৰ্কতামূলক ব্যৱস্থা।
ইতিমধ্যে ৰাজ্য চৰকাৰলৈ সহায়ৰ হাত আগবঢ়াইছে বহু হৃদয়বান লোকে।
এইবাৰ মুখ্যমন্ত্ৰী সাহাৰ্য্য নিধিলৈ এমাহৰ দৰমহা আগবঢ়ালে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই।
আজি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত উপস্থিত হৈ ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সাহাৰ্য্য নিধিলৈ লখিমপুৰৰ বিধায়ক মানৱ ডেকাই প্ৰথম দৰমহা আৰু লখিমপুৰ সমষ্টিৰ ভিন্ন ব্যক্তি আৰু প্ৰতিষ্ঠানে আগবঢ়োৱা চেক সমূহ মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰে।
সামাজিক মাধ্যম যোগে এই কথা জানিবলৈ দিয়ে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই।