মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছত আজি প্ৰথমবাৰৰ বাবে দিল্লীলৈ যাব মু্খ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।
দিল্লীত কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ নেতাক সাক্ষাত কৰিব ডঃ শৰ্মাই।
ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতিকে ধৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰীকো কৰিব সাক্ষাত।
বিয়লি ভাগলৈ দিল্লীৰ অভিমুখে ৰাওনা হব তেওঁ।