মুখ্যমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

June 2, 2021 0 By Biraj Kalita

মুখ্যমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ।

মুখ্যমন্ত্রী হিচাপে দায়িত্ব লাভ কৰাৰ পিছত প্রথমবাৰৰ প্রধানমন্ত্রীক সৌজন্যমূলকভাৱে মুখ্যমন্ত্রীয়ে সাক্ষাৎ কৰাৰ লগতে ৰাজ্যৰ জ্বলন্ত সমস্যা সন্দর্ভতো আলোচনা কৰে।

সাক্ষাৎকালত অসমৰ বিভিন্ন সমস্যাসমূহৰ লগতে অসমৰ উন্নয়নৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন নীতি সম্পৰ্কে আলোচনা কৰা হয়।

আগন্তুক দিনসমূহত প্ৰধানমন্ত্ৰীগৰাকীৰ দিহা-পৰামৰ্শৰ সহায়ত যাতে ৰাজ্যখনক উন্নয়নৰ শিখৰলৈ আগুৱাই নিব পৰা যায়, তাৰ বাবে মুখ্যমন্ত্ৰীয়ে তেখেতৰ সহযোগিতা কামনা কৰে ।