মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গেৰুৱা বসন পিন্ধিলে ৰূপজ্যোতি কুৰ্মীয়ে…
June 21, 2021আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ধেমাজিৰ NHPC প্ৰেক্ষাগৃহত বিজেপিত যোগদান কৰে ৰূপজ্যোতি কুৰ্মীয়ে।
বিজেপিত যোগদান কৰিয়ে কুৰ্মীয়ে কয়- ‘কংগ্ৰেছ দল এতিয়া ভিজনহীন৷ দলে মূল কৰ্মীক গুৰুত্ব প্ৰদান নকৰে৷’
তেওঁ কয় ৰাজনৈতিক হিচাপে তথা চাহ জনগোষ্ঠীৰ নেতা হিচাপে তেওঁৰ প্ৰধান কাম সকলো খিলঞ্জীয়া লোকৰ চিন্তা কৰাটো।
ল্লেখযোগ্য যে দলীয় নেতৃত্বৰ ওপৰত খৰ্গহস্ত হৈ কংগ্ৰেছ দল ত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কংগ্ৰেছৰ চাৰিবাৰৰ বিধায়কগৰাকীয়ে।