মূল্যবৃদ্ধিৰ কাৰণ বাখ্যা- কাম নকৰি কিনি খাব বিচাৰিলেটো মূল্যবৃদ্ধি হ’বইঃ বিশ্বজিত দৈমাৰী…

July 18, 2021 0 By Biraj Kalita

অত্যাৱশ্যকীয় আৰু ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ ৰাইজক।

ইয়াৰ মাজতে এইবাৰ মূল্যবৃদ্ধিৰ অদ্ভুত কৰাণ বাখ্যা কৰিছে এগৰাকী জনপ্ৰতিনিধিয়ে।

মূল্যবৃদ্ধিৰ বাবে একপ্ৰকাৰ সাধাৰণ জনতাকে দোষাৰোপ কৰিলে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।

তেওঁ কয়, ‘মূল্যবৃদ্ধিটো হ’বই, উৎপাদনকাৰীয়ে উচিত মূল্য বিচাৰিব। গতিকে কাম নকৰি কিনি খাব খুজিলেটো মূল্যবৃদ্ধি হ’বই।’

লগতে তেওঁ কয়- ‘আগৰ দিনত খাবলৈ সকলোৰে ঘৰত শাক-পাচলি আছিল। এতিয়া উৎপাদনৰ খৰচ আৰু পৰিবহন খৰচ বৃদ্ধি পোৱাৰ লগতে বিভিন্ন ধৰণৰ খৰচ হয়, আৰু কিনি খোৱা বোৰে ইয়াৰ মূল্য ভৰিবই লাগিব।’

আনহাতে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি সন্দৰ্ভত তেওঁ কয়, ‘চৰকাৰক ৰাজহ লাগিব, দেশখন চলাব লাগিব, পেট্ৰ’ল-ডিজেল য’ৰ পৰা উৎপাদন হয়, সেইবিলাকৰ বিভিন্ন ধৰণৰ সুবিধা-অসুবিধা আছে।’