মূল্যবৃদ্ধি ৰোধৰ বাবে চৰকাৰৰ কৰণীয় আছেঃ অভিনেত্ৰী আইমী বৰুৱা

November 12, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ‘ক’ভিডৰ বাবে যোৱা দুই বছৰত সৰ্বসাধাৰণে যথেষ্ট কষ্ট অনুভৱ কৰিছে আৰু সেয়া বৰ্তমান পৰিৱেশত এয়া দূৰ হ’ব লাগে। চৰকাৰে মূল্য বৃদ্ধি ৰোধৰ বাবে কিছু কৰিবলগীয়া আছে।’

এই মন্তব্য অভিনেত্ৰী আইমী বৰুৱাৰ।

তেজপুৰত এক গহনা বিপণী মুকলি কৰি অভিনেত্ৰীগৰাকীয়ে কয় যে গৃহিণীসকলৰ সকলোৰে মাহেকীয়া এখন বাজেট থাকে।

তেওঁ লগতে কয় যে বৰ্তমান পেট্ৰ’ল-ডিজেল বা মিঠাতেল বুলিয়েই নহয়, সকলো সামগ্ৰীৰে মূল্য বৃদ্ধি হৈছে। তেওঁ পুনৰ কয় যে এই ক্ষেত্ৰত চৰকাৰৰ অকণমান কৰণীয় আছে।

চৰকাৰে যেনেদৰে বহু ভাল কাম কৰিছে, তেনেদৰে মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত কিছু কৰিব লাগে।

তেওঁ কয় যে যোৱা দুই বছৰত কৃষকসকল যথেষ্ট কষ্টৰ সন্মুখীন হৈছে।

বৰ্তমান মিঠাতেলৰ মূল্য বৃদ্ধিৰ বাবে কাৰ কিছু লাভ কোম্পানী নতুবা কৃষকে পোৱা বুলি উল্লেখ কৰি তেওঁ অৱশ্যে কয় যে প্ৰকৃততে কৃষকসকল লাভান্বিত হোৱাটো প্ৰয়োজন।