মূৰত নাই হেলমেট, ৰাজপথত কলেজীয়া ছাত্রক আৰক্ষীয়ে দিলে এই শাস্তি…

December 22, 2021 0 By NEWS DESK

নিউজ ডেস্ক। দুচকীয়া বাহনত উঠা চালক তথা আৰােহী উভয়ে হেলমেট পৰিধান কৰাটাে বাধ্যতামূলক।

মূলতঃ জীৱনৰ নিৰাপত্তাৰ স্বাৰ্থতে এই কঠােৰ নিয়ম বলৱৎ কৰিছে পৰিবহন বিভাগে।

কিন্তু ইয়াৰ পিছতো একাংশ লােকে উলংঘা কৰিছে এই নিয়ম।

ইপিনে, এই নিয়ম উলংঘা কৰাৰ বাবে শােণিতপুৰ জিলাৰ চাৰিদুৱাৰত ৰাজপথত কলেজীয়া ছাত্ৰক জৰিমনা বিহাৰ সলনি শাস্তিহে দিলে আৰক্ষীয়ে।

নিয়ম উলংঘাকাৰী এনে ছাত্ৰক কাণত ধৰাই এশিকনি দিলে চাৰিদুৱাৰ আৰক্ষীয়ে।

উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে শোণিতপুৰৰ চাৰিদুৱাৰৰ অন্তৰ্গত বিভিন্ন স্থানত হেলমেট নিপিন্ধা আৰু চিল্টবেল্ট নলোগোৱা লোকৰ বিৰুদ্ধে অধিক তৎপৰ হৈ পৰিছে চাৰিদুৱাৰ আৰক্ষী।

কলেজৰ একাংশ যুৱকে এনেদৰে ৰাজপথত কাণত ধৰি থিয় হ’বলৈ বাধ্য হৈছে কাৰণ বাৰম্বাৰ কোৱাৰ পিছতো এইসকল যুৱকে নিপিন্ধে হেলমেট, নামানে কোনো যান-বাহনৰ আইন।

লগতে চাওকঃ

আজব ঘটনা! ৰে’লৰ ইঞ্জিনকে বিক্ৰী কৰিলে বিভাগীয় অভিযন্তাই