মেঘালয়ৰ কয়লা খনিত অসমৰ দুই শ্ৰমিকৰ মৃত্যু

February 18, 2022 0 By NEWS DESK

নিউজ ডেস্ক। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ কয়লাখনিত কাম কৰিবলৈ যোৱা অসমৰ দুজন শ্রমিকৰ শোকাৱহ মৃত্যু।

এই শ্ৰমিক দুজনৰ ঘৰ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত ৩ নং মালিবাৰী গাঁৱত বুলি জানিব পৰা গৈছে।

মৃত শ্ৰমিক দুজনৰ নাম আইনুদ্দিন আলী (৩০) আৰু বটিয়ামাৰী গাঁৱৰ শুকুৰ আলী (২৮)।

জানিব পৰা মতে, শ্ৰমিক দুজনে এসপ্তাহ পূৰ্বে কামৰ সন্ধানত গৈছিল মেঘালয়লৈ।

শ্রমিক দুজনে বুধবাৰে নিশা মেঘালয়ৰ চালাঙৰ লাংমাৰৰ কয়লা খনিত কাম কৰি থকা অৱস্থাত মৃত্যুমুখত পৰে।

কয়লা খননৰ সময়ত অক্সিজেনৰ অভাৱত শ্রমিক দুজনৰ কৰুণ মৃত্যু হয় বুলি জানিব পৰা গৈছে।