মেঘালয়ে আগ্ৰাসন কৰা ঠাই পৰিদৰ্শন মুখ্য সচিব জিষ্ণু বৰুৱাৰ…

July 21, 2021 0 By Biraj Kalita

মেঘালয়ে আগ্ৰাসন কৰা ঠাই পৰিদৰ্শন মুখ্য সচিব জিষ্ণু বৰুৱাৰ।

কামৰূপ জিলাৰ ৪৮নং বকো বিধানসভা সমষ্টিৰ মেঘালয়ে আগ্ৰাসন কৰা হাহিম, মালাং আৰু গিজাং নামৰ ঠাই কেইডোখৰ পৰিদৰ্শন কৰে মুখ্য সচিবসহ বিভিন্ন বিভাগৰ বিষয়াৰ এটা দলে।

দলটোত মুখ্য সচিবৰ উপৰিও মুখ্য বনৰক্ষক, কামৰূপ জিলাৰ উপায়ুক্ত কাৰ্তিক কৈলাশ, পশ্চিম কামৰূপ বনসংমণ্ডলৰ প্ৰাধিকাৰী বিষয়া, বকো ৰাজহ চক্ৰ বিষয়া, বকো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াকে ধৰি বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে পৰিদৰ্শন কৰে।

পৰিদৰ্শন কৰি মেঘালয়ে বকোৰ ভূমি কিমান আগ্ৰাসন কৰিছে আৰু সেই ঠাইবোৰত কিমান মানুহ বসবাস কৰে তাৰ হিচাপ দিবলৈ জৰীপ বিষয়া আৰু মৌজাদাৰসকলক নিৰ্দেশ জাৰি কৰে।

ইপিনে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ জনপ্ৰতিনিধি অৰ্জুন ছেত্ৰীয়ে বকোৰ লাম্পিৰ ল’ৱাৰ লাম্পিত ২০১০ বৰ্ষৰ ১৪ মে’ত মেঘালয়ে এটা আউট পোষ্ট আৰু ২০২০ বৰ্ষৰ ১৯ ফেব্ৰুৱাৰীত লাম্পিৰ উমালিত আনটো আউটপোষ্ট স্হাপন কৰাৰ বিষয়ে জ্ঞাত কৰি অসমৰ ভূমি লাম্পিত মেঘালয়ে আগ্ৰাসন চলাই স্থাপন কৰা আউটপোষ্ট দুটা উচ্ছেদ কৰিবলৈ দাবী জনায়।

জানিবপৰা মতে অসম আৰু মেঘালয়ৰ সীমা সমস্যাকলৈ অনতি পলমে মেঘালয়ৰ ৰাজধানী শ্বিলংত এখন বৈঠক অনুষ্ঠিত হ’ব। যিখন বৈঠকত গৃহ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ লগতে মেঘালয় আৰু অসমৰ মুখ্যমন্ত্ৰী ক্ৰমে কনৰাড চাংমা আৰু ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশ গ্ৰহণ কৰিব।

যাৰবাবে মুখ্য সচিবসহ দলটোৱে বুধবাৰে এনেদৰে তৎপৰতাৰে মেঘালয়ে আগ্ৰাসন কৰা ঠাই পৰিদৰ্শন বুলি জানিবপৰা গৈছে।