মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলক লৈ বৃহৎ কেলেংকাৰী, ধনৰ লেন দেন কৰাৰ অভিযোগ…

July 17, 2021 0 By Biraj Kalita

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলক লৈ বৃহৎ কেলেংকাৰী।

কেলেংকাৰীৰ ঘটনাকলৈ ছয়গাঁও আৰক্ষীৰ অভিযান।

দক্ষিণ কামৰূপৰ গৰৈমাৰীত ছয়গাঁও আৰক্ষীয়ে চলাইছে এই অভিযান।

অভিযানত বহু আপত্তিজনক নথি-পত্ৰ জব্দ ছয়গাঁও আৰক্ষীৰ।

আৰক্ষীয়ে আটক কৰিছে গৰৈমাৰীৰ মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আক্কাছ আলী আহমেদক।

আটক গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দোস্ত হবিবৰ ৰহমান।

ফলাফল ঘোষণা কৰাত ধনৰ লেন দেন কৰাৰ অভিযোগ দুয়ো বিদ্যালয় প্ৰধানৰ বিৰুদ্ধে।

ইতিমধ্য আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আক্কাছ আলী আহমেদ আৰু দোস্ত হবিবৰ ৰহমানৰ।

আনহাতে কামৰূপৰ আই এছ অফিচত শিক্ষা বিভাগৰ চাৰিগৰাকী শীৰ্ষ বিষয়াক জেৰা চলাইছে আৰক্ষীয়ে।

উল্লেখ্য যে, এই ঘটনাৰ সৈতে বহু ব্যক্তিৰ নাম সাঙোৰ খাই পৰাৰ সম্ভাৱনা আছে।