মেট্ৰিক-উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ আৰ্হি প্ৰস্তুৰ বাবে ৰাজ্যৰ শিক্ষাবিভাগে গঠন কৰিলে দুখন কমিটি

June 19, 2021 0 By Biraj Kalita

মেট্ৰিক-উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ আৰ্হি প্ৰস্তুৰ বাবে ৰাজ্যৰ শিক্ষাবিভাগে গঠন কৰিলে দুখন কমিটি।

পৰীক্ষা বাতিলৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীক কিদৰে ফলাফল প্ৰদান কৰিব সেই বিষয়ে আৰ্হি প্ৰস্তুত কৰিব এই কমিটি দুখনে।

দুয়োখন কমিটিতে একোজনকৈ অধ্যক্ষসহ আছে ৯ জনকৈ সদস্য।

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ বাবে গঠন কৰা কমিটিখনৰ অধ্যক্ষ হৈছে ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ পূৰ্বৰ উপাচাৰ্য ড০ অলোক বুঢ়াগোঁহাই।

কমিটিখনত সদস্য হিচাপে আছে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন, এছ এন দাস, প্ৰসন্ন বৰা, ৰঞ্জিত দাম, হাকিম তৰফদাৰ, চি বি ৰায়, মৃণাল খাউণ্ড আৰু ছেবাৰ সচিব সুৰঞ্জনা সেনাপতি।

আনহাতে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাবে গঠন কৰাৰ কমিটিৰ অধ্যক্ষ হৈছে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপক কুমাৰ শৰ্মা।

উচ্চতৰ মাধ্যমিক কমিটিখনত সদস্য হিচাপে আছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ, নিবেদিতা লস্কৰ, ড০ এছ এন বৰ্মন, ড০ এছ বৰকটকী, ইদ্ৰীছ আলি, ৰতন পাল, দীপক চৌধুৰী আৰু অসম উচ্চতৰ মাধ্যমকি শিক্ষা সংসদৰ সচিব।