মেট্ৰিক, উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ আৰ্হিক লৈ অসন্তুষ্ট আছু, সিদ্ধান্ত বাতিল কৰিবলৈ দাবী…

July 2, 2021 0 By Biraj Kalita

মেট্ৰিক, উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ আৰ্হিক লৈ অসন্তুষ্ট সদৌ অসম ছাত্ৰ সন্থা।

ছহিদ ন্যাসত সংবাদমেল সম্বোধন কৰি চৰকাৰৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ আছুৰ।

ছাত্ৰ-ছাত্ৰীক ফলাফল প্ৰদানৰ প্রতিবেদনৰ ৫নং দফা বাতিলৰ দাবী সদৌ অসম ছাত্ৰ সন্থাৰ।

এই বিষয়ত শিক্ষামন্ত্রী আৰু মুখ্যমন্ত্রীক পত্ৰ প্রেৰণ কৰিব আছুৱে।

সংবাদমেলত আছু নেতৃত্বই কয়- শিক্ষাবিভাগৰ সিদ্ধান্তত মানসিকবাৱে ভাঙি পৰিছে শিক্ষাৰ্থীসকল।পৰীক্ষা দিবলৈ ছাত্র ছাত্ৰী প্ৰস্তুত আছিল, কভিডৰ বাবেহে দিয়া নহল।ৰেংক নালাগে বুলি প্ৰথমৰ পৰাই ছাত্র সন্থাই কৈ আহিছিল। কিন্তু ষ্টাৰ, ডিস্টিংচন নাথাকিলে নহব। এই কথা ছাত্র সন্থাই মানি নলয়।

শিক্ষাৰ্থীক প্ৰদান কৰা মাৰ্কশ্বিটেৰে শিক্ষাৰ্থীয়ে চাকৰি পাব লাগিব। ছাত্র ছাত্ৰীয়ে পঢ়ি শুনি চাকৰি নাপাব এই কথা হব নোৱাৰে। এই মাৰ্কচিটতে চাকৰি পাব লাগিব শিক্ষাৰ্থীয়ে।

দুখন মাৰ্কশ্বিট কেতিয়াও মানি লোৱা নহ’ব বুলি হুংকাৰ আছুৰ।এটা পৰীক্ষাৰ মাৰ্কশ্বিট এখনেই হ’ব লাগিব।

ফলাফল প্ৰদানৰ প্ৰতিবেদনৰ ৫ নং দফাটো চৰকাৰে পুনৰ বিবেচনা কৰিব লাগিব বুলিও উল্লেখ আছুৰ।

ছাত্ৰ ছাত্ৰী সকলে দুখন মাৰ্কচিট বিচাৰা নাই, চাকৰিৰ বাবে আকৌ এটা পৰীক্ষা দি মাৰ্কচিট নলয় বুলি হুংকাৰ ছাত্ৰ-ছাত্ৰীসকলৰ।

আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই কয়- ছাত্র-ছাত্রীৰ ভৱিষ্যতক লৈ হেতালি নেখেলিব। আজিৰ এই পৰিস্থিতিৰ বাবে দায়ী কেৱল চৰকাৰ। পৰীক্ষাত পাঁচ চাকৰিত ফেইল এই কথা নহব।

ছাত্র ছাত্ৰীৰ স্বাৰ্থ ৰক্ষা কৰিবই লাগিব। এই প্ৰতিবেদনত ছাত্র ছাত্ৰীৰ স্বাৰ্থ বিঘ্নিত হৈছে বুলি মন্তব্য আছুৰ।