মেট্ৰিক পৰীক্ষাৰ ফলাফল কেলেংকাৰীঃ কামৰূপৰ বিদ্যালয় পৰিদৰ্শক মাধৱ ডেকাক বদলি…

July 19, 2021 0 By Biraj Kalita

মেট্ৰিক পৰীক্ষাৰ ফলাফল কেলেংকাৰীৰ নতুন মোৰ।

মূল্যায়ন কেলেংকাৰীত নাম সাঙোৰ খাইছিল কামৰূপৰ বিদ্যালয়ৰ পৰিদৰ্শক মাধৱ ডেকাৰ।

আৰক্ষীয়ে মাধৱ ডেকাক আটক কৰি সোধা–পোছাৰ অন্তত মুকলি কৰি দিয়ে।

উল্লেখযোগ্য এই কেলেংকাৰী পোহৰলৈ অহাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কেলেংকাৰীত জড়িত কোনো সাৰি যাব নোৱাৰে বুলি হুংকাৰ দিছিল দিছিল

ইয়াৰ পিছতে কামৰূপৰ বিদ্যালয়ৰ পৰিদৰ্শক মাধৱ ডেকাক বদলি কৰা হয়।

মাধ্যমিক শিক্ষা পৰিষদৰ উপ সঞ্চালকৰূপে নিযুক্তি ডেকাক।

আনহাতে, অপূৰ্ব ঠাকুৰীয়াক কামৰূপৰ বিদ্যালয় পৰিদৰ্শকৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

 অপূৰ্ব ঠাকুৰীয়া কামৰূপ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ দায়িত্বত আছিল।

এই কেলেংকাৰীৰ সৈতে জড়িতৰ অভিযোগত আটক কৰা আক্কাছ আলী আৰু প্ৰশান্ত দাসক গ্ৰেপ্তাৰ কৰাৰ লগতে বাকীসকলক সোধা–পোছাৰ অন্তত যাবলৈ দিয়া হয়।