মেট্ৰিক পৰীক্ষা সন্দৰ্ভত সংবাদমেলত কি ক’লে হিমন্ত বিশ্ব শৰ্মা?

April 17, 2021 0 By Biraj Kalita

ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

প্ৰতিদিনে ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

ক’ভিড পৰিস্থিতি সন্দৰ্ভত জিএমচিএইচ প্ৰেক্ষাগৃহত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।

সংবাদমেল সম্বোধন কৰি মন্ত্ৰী গৰাকীয়ে কয়- ৰাজ্যৰ কোভিড পৰিৱেশ পূৰ্বতকৈ জটিল হৈছে।বৰ্তমানলৈ ৪০৬৯জন কোভিড ৰোগী আছে।অসম অক্সিজেনৰ নাটনি কম সময়ত সন্মুখীন হোৱাৰ সম্ভাৱনা নাই।৬ মেট্ৰিক টন মেডিকেলসমূহত অক্সিজেন প্ৰডাকশ্যন হয়।

লগতে মন্ত্ৰী গৰাকীয়ে কয়- অহা ৪৫ দিনৰ ভিতৰত অসমৰ প্ৰতিখন জিলা হাস্পতালত অক্সিজেন প্লান্ত হ’ব।লগতে প্ৰয়োজনীয় ঔষধ, সা-সামগ্ৰী মজুত থকাৰ কথা সদৰি কৰে মন্ত্ৰীগৰাকীয়ে।

লগতে তেওঁ কয়- ল’কডাউনৰ কোনো পৰিকল্পনা নাই।

আনহাতে মেট্ৰিক পৰীক্ষা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়- অভিভাৱক-শিক্ষকৰ সৈতে আলোচনা কৰিব ছেবাই।তাৰপাছত যি প্ৰতিবেদন হয় সেয়া নতুন চৰকাৰক দিবলৈ কোৱা হৈছে।তাৰপাছত মেট্ৰিকৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।