মোক এটা গালি পাৰিলে ৰূপজ্যোতি কুৰ্মীৰ ১০০ টা ভোট কমিবঃ অখিল গগৈ…

July 13, 2021 0 By Biraj Kalita

ৰাজ্যত হ’ব লগা উপনিৰ্বাচন আৰু ৰূপজ্যোতি কুৰ্মী সন্দৰ্ভত শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিস্ফোৰক মন্তব্য।

গগৈয়ে কয়- উজনি অসমত মোক গালি পাৰি লাভ নাই। মোক এটা গালি পাৰিলে ১০০ টা ভোট কমিব ৰূপজ্যোতি কুৰ্মীৰ। অখিল গগৈক ভাল বুলিলেহে জিকিব পাৰিব ৰূপজ্যোতি।

লগতে গগৈয়ে কয় যে, নতুনকৈ খৃষ্টান হৈছে ৰূপজ্যোতি কুৰ্মী।

দুপৰি উপনিৰ্বাচনত আটাইকেইটা সমষ্টিত ৰাইজৰ দলে প্ৰাৰ্থী দিব বুলি ঘোষণা কৰে গগৈয়ে।

মৰিয়নি মোৰ গৃহ সমষ্টি।মৰিয়নিত ৰাইজৰ দলৰ প্ৰাৰ্থী থাকিবই আৰু জয়ীও হ’ব বুলি মন্তব্য অখিল গগৈৰ।

মুখ্যমন্ত্ৰী সন্দৰ্ভতো বিস্ফোৰক মন্তব্য কৰে অখিল গগৈয়ে।

তেওঁ কয়- মুখ্যমন্ত্ৰী ঢোল বজোৱাত পাকৈত।টুপী পিন্ধোৱাত উস্তাদ মুখ্যমন্ত্ৰী।বিধায়কক এমাহৰ দৰমহা এতিয়াও দিব দিয়া নাই চৰকাৰে।

ক’ভিডত ক্ষতিগ্ৰস্ত সকলকো আৰ্থিক সাহাৰ্য দিয়াৰ দাবী অখিল গগৈৰ।