মোৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে, মোক ৰাইজৰ সহায় লাগেঃ অখিল গগৈ…

July 1, 2021 0 By Biraj Kalita

পুনৰ অসমবাসী ৰাইজলৈ কাৰাৰুদ্ধ বিধায়ক অখিল গগৈৰ বিস্ফোৰক চিঠি।

বুধবাৰে মহানগৰীৰ মদঘৰীস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বােধন কৰি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়া আৰু সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে সংবাদমেলত অখিল গগৈৰ চিঠিখন প্ৰকাশ কৰে।

শ্রদ্ধেয় অসমবাসী ৰাইজ,
সংগ্রামী অভিবাদন গ্রহণ কৰিব । অতি জৰুৰী কাৰণত এই পত্র লিখিলাে। মোক আকৌ জেলতে ৰখাৰ ষড়যন্ত্র ৰচনা হৈছে। মােক কাৰাগাৰৰ পৰা ওলাব নােৱাৰাৰ ব্যৱস্থা কৰিব খােজা হৈছে। মােৰ কণ্ঠ চিৰকাললৈ ৰূদ্ধ কৰি দিব খােজা হৈছে। এয়া মােৰ বিৰুদ্ধে অসম চৰকাৰ, কেন্দ্রীয় চৰকাৰ আৰু ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ সন্মিলিত ষড়যন্ত্র। বােধহয়, অসমৰ মুখ্যমন্ত্ৰীয়ে এই কামৰ নেতৃত্ব লৈছে।

তেওঁ লগতে লিখিছে-মোক ৰাইজৰ সহায় লাগে, ৰাইজে ঐক্যৱদ্ধভাৱে প্ৰতিবাদ কৰি চৰকাৰৰ এই ষড়যন্ত্ৰ ওফৰাই পেলাওক৷ মই আপোনালোকৰ কণ্ঠ, মোৰ কণ্ঠ হত্যা কৰিবলৈ নিদিব৷

২ মে’, ২০২১ তাৰিখে মই ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা জয়ী হোৱাৰ পাছত চৰকাৰৰ কৰ্তব্য আছিল মোক কাৰাগাৰৰ পৰা মুক্ত কৰি দিয়াৰ, কাৰণ সেয়া আছিল জনাদেশ৷ সেয়া আছিল অঘোষিত গণভোটৰ দৰে৷ বিজেপি চৰকাৰে মই “কা” বিৰোধী সংগ্ৰামত অংশগ্ৰহণ কৰা বাবে মোক বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন, ১৯৬৭ ৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল৷ মোৰ ওপৰত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা মেলি দি মোক সন্ত্ৰাসবাদী সম্পৰ্কীয় আইনত দীঘলীয়াকৈ কাৰাৰুদ্ধ কৰি ৰাখিছিল৷ মােৰ ওপৰত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা মেলি দি মােক সন্ত্রাসবাদী সম্পর্কীয় আইনত দীঘলীয়াকৈ কাৰাৰুদ্ধ কৰি ৰাখিছিল। কিন্তু অসমৰ জনগণে, বিশেষকৈ শিৱসাগৰ বিধানসভা সমষ্টিৰ ভােটাৰসকলে মােক বিধায়ক হিচাপে নির্বাচিত কৰিলে। এয়া আছিল জনতাৰ ৰায়–চৰকাৰৰ দুৰভিসন্ধিৰ বিৰুদ্ধে জনতাৰ আইনসন্মত প্রতিবাদ।

ইয়াৰ পাছত যিকোনাে এখন গণতন্ত্ৰক বিশ্বাস কৰা চৰকাৰে ইয়াৰ প্রথম কেবিনেটতে মােক স-সম্মানে মুক্ত কৰি দিয়াৰ সিদ্ধান্ত ল’ব লাগিছিল। কিন্তু বন্দী মুক্তিৰ সিদ্ধান্ত লােৱাৰ পৰিৱর্তে মােৰ ওপৰত নতুন চৰকাৰখনে জাপি দিছে ইটোৰ পিছত সিটো ষড়যন্ত্র। মােৰ ওপৰত আৰােপ কৰা অভিযােগ যে কিমান অসত্য কিমান তৰল আছিল সেয়া ২৫ জুন, ২০২১ তাৰিখৰ “নিয়া” আদালৰ নির্দেশে দেখদেখকৈ প্রমাণ কৰি দিলে।

মােৰ ওপৰত নিয়াক প্ৰদান কৰা চাবুৱা থানাৰ গােচৰটো চার্জ ফ্রেমতে মােক আৰু গােচৰটোৰ আন দুজন অভিযুক্ত মুক্ত কৰি দিলে । তথাৎ গােচৰটো বিচাৰ যােগ্য বুলিয়ে আদালতে মানি নল’লে। যি গােচৰত ‘নিয়া’ই চার্জ ফ্রেমেই কৰিব নােৱাৰিলে, সেই গােচৰতে মােক অন্যায়ভাৱে বন্দী কৰি ৰখা হ’ল যােৱা ডেৰ বছৰতকৈ অধিক । গুৱাহাটীৰ “নি”দালতৰ এই ৰায়ে সমগ্র ভাৰতবর্ষ জুৰি তীব্র চাঞ্চল্য আৰু প্রতিক্রিয়া সৃষ্টি কৰিলে।

“নিয়া”ৰ ইতিহাসত এইটোৱেই চাৰ্জ ফ্ৰেম কৰিব নোৱাৰা গোচৰ ৰূপে পৰিগণিত হ’ল৷ দেখদেখ হৈ গ’ল ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ গোচৰৰ প্ৰকৃত স্বৰূপ৷ চিবিআই, ইডি আদিক লগাই কেন্দ্ৰৰ বিজেপি চৰকাৰে প্ৰতিপক্ষৰ ৰাজনৈতিক নেতাক ষড়যন্ত্ৰমূলকভাৱে বন্দী কৰা অথবা আত্মসমপৰ্ণ কৰোৱাৰ দৰে ‘এন আই এ’কো যে উদ্দেশ্যপ্ৰণোদিতভাৱে, ব্যৱহাৰ কৰা হৈছিল স্পষ্টকৈ প্ৰমাণ হৈ গ’ল৷

যোৱা ২৫ জুন, ২০২১ তাৰিখ গুৱাহাটী “নিয়া” আদালতৰ ৰায়টোৰ পাছত সমগ্ৰ ভাৰতত “নিয়া” ঘৃণিত হৈ পৰিল৷ তেওঁলোকৰ আচল স্বৰূপ প্ৰকাশ পালে৷ গণতান্ত্ৰিক চৰকাৰ হোৱা হ’লে এনে ভুৱা গোচৰ জাপি দিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হ’লহেতেঁন৷ চৰকাৰে গণতন্ত্ৰত বিশ্বাস কৰা হ’লে গোচৰটোৰ ৰায় দেখিয়ে দ্বিতীয় গোচৰটোৰ পৰা মোক মুক্তি দিলেহেতেঁন৷ কিন্তু চৰকাৰৰ ওচৰত সেই গোচৰৰ ৰায়ৰ প্ৰতিক্ৰিয়া ঠিক ওলোটা হ’ল৷ আঘাতপ্ৰাপ্ত সাপৰ দৰে চৰকাৰ ফেঁট তুলি উঠিল৷ লগে লগে “নিয়া”ৰ অধিবক্তাই ঘোষণা কৰিলে যে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ আদালতৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাব৷ তাতে “নিয়া” বা চৰকাৰ ক্ষান্ত নহ’ল৷ মোৰ বিৰুদ্ধে পুনৰ গভীৰ ষড়যন্ত্ৰ হ’ল৷

চানমাৰি থানাৰ মোৰ ওপৰত লগোৱা প্ৰথমটো “নিয়া” গোচৰত চাৰ্জ ফ্ৰেমৰ চলি থকা শুনানি প্ৰথমে পলম কৰিবলৈ যত্ন কৰা হ’ল৷ শেষ হোৱা শুনানিৰ ওপৰত পুনৰ বক্তব্য ৰাখিবলৈ এসপ্তাহৰ সময় ল’লে “নিয়া”ৰ অধিবক্তাই৷ এইবাৰ পৰম্পৰা ভংগ কৰি অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াক এই গোচৰৰ শুনানিৰ বাবে নিয়োগ কৰা হ’ল৷ সাধাৰণতে নিম্ন আদালতত মহাধিবক্তা উপস্থিত নাথাকে৷ কিন্তু চৰকাৰে মহাধিবক্তাক উপস্থিত কৰালে৷

আটাইতকৈ ডাঙৰ ষড়যন্ত্ৰটো হ’ল শুনানিৰ এই অতিৰিক্ত সময়খিনি শেষ হােৱাৰ আগে আগে কালি অর্থাৎ, ২৯ জুন, ২০২১ তাৰিখে মােৰ বিৰুদ্ধে আদালত অতিৰিক্ত অভিযােগনামা দাখিল কৰিলে। এই অভিযােগনামাৰ লগত এজন নতুন গােপন সাক্ষী পুনৰ নিয়ােগ কৰা হ’ল। এই গােপন সাক্ষীজনে বিবৃতি দিলে যে মই অসমৰ সকলােবােৰ চিণ্ডিকেট চলাওঁ । চুপাৰি চিণ্ডিকেট, গৰু চিণ্ডিকেট, হানি ট্রেপিং(অর্থাৎ মহিলাৰ দ্বাৰা ধনী মানুহ প্রলােভিত কৰি অপহৰণ কৰি ধন দাবী কৰা) এই আটাইবােৰ মই কৰাে বুলি ষ্টেটমেন্ট দিলে।

অর্থাৎ, পূর্বৰ “সন্ত্রাসবাদী” অভিযােগৰ পৰা মােক গৰুচোৰ সজোৱা হ’ল। ইয়াতে যড়যন্ত্র শেষ নহ’ল। মােৰ গােচৰৰ প্ৰথমৰে পৰা থকা দুই নম্বৰ গােপন সাক্ষীজনে এখন ফটো চিনাকি কৰি দিলে। ফটোখনত কোনােবা ক’লা কাপােৰ পিন্ধা মানুহ দুজনমানে মার্চিয়েল আর্টৰ নিচিনা কিবা শাৰীৰিক প্রশিক্ষণ লৈ আছে, তাৰ সন্মুখত নীলা টি চার্ট পিন্ধা এজন যুৱকে হাতখন দাঙি আছে।

সেইজনেই বােলে অখিল গগৈ ! ঝাৰখণ্ড নে ক’ৰবাত অৰণ্যত প্রশিক্ষণ লৈ আছাে বােলে ! ফটোখন চালে আপুনিও হাঁহি দিব, সকলােৱে হাঁহিব। কাৰণ মােক সকলােৱে চিনি পায়। দেখদেখ অচিনাকি চেহেৰাৰ ফটো এখনেৰে মােক বন্দী কৰি ৰাখিব খােজা হৈছে । সেই ফটোখনত যিহেতু নীলা টি চার্ট(স্পটিং) পিন্ধি থকা মানুহজন মই বুলি গােপন সাক্ষীয়ে কৈছে, গতিকে আপাততঃ(Prima facie) মােৰ ওপৰত “নিয়াৰ চানমাৰি থানাৰ প্ৰথমটো গােচৰৰ “চার্জ ফ্রেম’ হ’ব লাগে ! এইটো এটা ভয়ানক, নােহােৱা-নােপােজা ষড়যন্ত্র।

এয়া ল’ৰা-ধেমালিও নহয়৷ মোৰ জীৱনটোক নিঃশেষ কৰি দিবলৈ কৰা গভীৰতম ষড়যন্ত্ৰ৷ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ তদন্তকাৰী সংস্থাৰ এয়া গণতান্ত্ৰিক বিচাৰ-ব্যৱস্থাৰ প্ৰতি ভ্ৰূকুটি৷ এয়া গণতান্ত্ৰিক ব্যৱস্থা সম্পূৰ্ণ ধ্বংস কৰি জৰুৰীকালিন অৱস্থা বা ফেচিবাদী কাৰ্যকলাপ৷ আজিৰ শুনানি পুনৰ পিছুৱাই দিয়া হ’ল৷ এইবাৰ অসমৰ মহাধিবক্তাক শুনানিৰ বাবে আকৌ ১০ দিনৰ সময় লাগে৷ এয়া অন্যায়, এয়া নিকৃষ্ট ষড়যন্ত্ৰ৷ এয়া ব্যক্তি স্বাধীনতা ধ্বংসৰ দেখদেখ আখৰা৷

শ্ৰদ্ধেয় ৰাইজ, এই যে সময় বিচাৰিছে, এই অতিৰিক্ত সময়খিনিতে হয়তো মোৰ ভাগ্যলিপি পুনৰ লিখা হ’ব৷ হয়তো মোক পুনৰ ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰা হ’ব৷ হয়তো মোক মুকলি আকাশৰ তললৈ ওলোৱাৰ সকলো পথ বন্ধ কৰি চিৰকাললৈ পোতাশালতে বন্দী কৰি ৰখা হ’ব৷

সেয়েহে মোক অসমবাসী ৰাইজৰ সহায় লাগে৷ মই এতিয়া আপোনালোকৰ সহায়ৰ প্ৰাৰ্থী৷ মোক আপোনলোকে বচাব লাগে৷ মোক বন্দীশাললৈ চিৰদিন নিক্ষেপৰ বিৰুদ্ধে মাত মাতিব লাগে৷ মোক পুনৰ গ্ৰেপ্তাৰৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে গৰজি উঠিব লাগে৷ গণতান্ত্ৰিকভাৱে গণতন্ত্ৰ হত্যাৰ প্ৰতিবাদ হ’ব লাগে৷

মই বিৰোধী পক্ষত থাকি চৰকাৰক বিপদত পেলাও বুলিয়ে এই ষড়যন্ত্ৰ৷ মোৰ কণ্ঠ, মোক মানুহটোক আপোনালোকে বচাওক, মই চিৰদিন আপোনাসৱৰ হৈ মাত মাতি যাম৷