মৰ্মান্তিক! উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ তাঁৰত লাগি যুৱকৰ কৰুণ মৃত্যু

July 22, 2021 0 By Biraj Kalita

নিউজ ডেস্ক। বঙাইগাঁও জিলাৰ বইটামাৰী নিত্যবজাৰত ৩৩ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এজন যুৱকৰ কৰুণ মৃত্যু ঘটে।

বইটামাৰী নিত্যবজাৰত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৩৩ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰৰ তলত নৱনিৰ্মিত ঘৰৰ কাম কৰোঁতে তাঁৰত লাগি নুৰ মহম্মদ (২৭) নামৰ এজন যুৱকৰ কৰুণ মৃত্যু ঘটে।

যুৱকজনক সংকটজনক অৱস্থাত বইটামাৰী চিভিল হাস্পতালললৈ নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও আধাবাটতে মৃত্যু ঘটে যুৱকজনৰ।

উল্লেখ্য যে কাঠপাৰা মৌখোৱা গাঁৱৰ ছলেমান আলীৰ পুত্ৰ ইমদাদুল আহমেদে ভয়ংকৰভাৱে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৩৩ হাজাৰ বিদ্যুৎ পৰিবাহী তাঁৰৰ তলতে সঁজা ঘৰত টিনপাত লগাই থাকোঁতে সংঘটিত হয় উক্ত দুৰ্ঘটনাটো।

ফলত মৃত্যু ঘটে ধুবুৰী জিলাৰ চেগুনচাৰী গাঁৱৰ চিজাব আলীৰ পুত্ৰ নুৰ মহম্মদ আলী নীমৰ যুৱকজনৰ।