মৰ্মান্তিক! ঔটেঙা পাৰিবলৈ গৈ গছৰ পৰা পৰি কৰুণ মৃত্যু এজন লােকৰ

September 11, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ডিব্ৰুগড়ত অঘটন, গছৰ পৰা পৰি এজনৰ মৃত্যু।

চহৰখনৰ সুন্দৰপুৰ ঔটেঙা ফিল্ডত সংঘটিত হৈছে এই ঘটনা।

ঔটেঙা পাৰিবলৈ বুলি গছত উঠিছিল ৰমেন কলিতা নামৰ ৪৫ বছৰীয়া সলোকজন।

প্ৰত্যক্ষ দৰ্শীৰ মতে পুৱা ৯ বজাত গছৰ পৰা পৰিছিল লোকজন।

ইয়াৰ লগে লগে স্থানীয় ৰাইজে পানী খুৱাবলৈ চেষ্টা কৰি যদিও লোকজনৰ ইতিমধ্যে মৃত্যু হয়।

গুৱাহাটী নিবাসী লোকজন গছত উঠি ঔটেঙা পাৰি থকাৰ সময়তে গছৰ পৰা পৰি মৃত্যু চহৰখনৰ লীলা গগৈ পথত ভাড়াঘৰত থকা লোকজন।

ৰঙৰ মিস্ত্ৰী আৰু শাক-পাচলি বিক্ৰী কৰি পৰিয়াল পোহ-পাল দিছিল ৰমেন কলিতা নামৰ লোকজনে।

পত্নীৰ সৈতে ভাড়াঘৰত আছিল ৰমেন কলিতা।

ইতিমধ্যে আৰক্ষীয়ে ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।

উক্ত ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।