মৰ্মান্তিক! ক’ভিড পৰীক্ষাৰ বাবে ৩ ঘণ্টা অপেক্ষা কৰি ৰোগীৰ মৃত্যু

July 25, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক মৰ্মান্তিক ঘটনা। ক’ভিড পৰীক্ষাৰ বাবে প্ৰায় ৩ ঘন্টা ধৰি অপেক্ষা কৰি প্ৰাণ গ’ল পেটৰ অসুখত ভুগি থকা এজন ৰােগীৰ।

এই ঘটনা সংঘটিত হ’ল তিনিচুকীয়া জিলাৰ কাকপথাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত।

জানিব পৰামতে, কাকপথাৰৰ ডিৰাক চাৰিআলিৰ নালিয়া শইকীয়া (৩৫) নামৰ লোক এজনক পেটৰ অসুখৰ চিকিৎসাৰ বাবে শনিবাৰে পুৱা পৰিয়ালৰ লোকে ভৰ্তি কৰাইছিল কাকপথাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত।

পুৱা প্ৰায় ৮মান বজাত অমন উপাধ্যায় নামৰ চিকিৎসক এজনে ৰাগীজনৰ চিকিৎসা আৰম্ভ কৰে যদিও ৰোগীজনৰ অৱস্থা সংকটজনক দেখি চিকিৎসকজনে উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়া নতুবা ডিব্ৰুগড়লৈ নিয়াৰ বাবে পৰামৰ্শ দিয়ে।

কিন্তু তেতিয়াই আৰম্ভ হয় ক’ভিড পৰিস্থিৰ বাবে জাৰি কৰা ৰাজ্যৰ স্বাস্থ্য বিভাগৰ কিছু নীতি-নিয়মৰ কথা।

তিনিচুকীয়ালৈ নিবৰ বাবে ১০৮ত যোগাযোগ কৰা হয় যদিও ক’ভিড পৰীক্ষাৰ ফলাফল নাপালে ১০৮ত নিনিয়াৰ কথা স্পষ্ট কৰি দিয়ে ১০৮ কৰ্মচাৰীয়ে।

ইফালে চিকিৎসালয়ত সেই সময়লৈকে ক’ভিড পৰীক্ষা কৰা চিকিৎসককৰ্মী উপস্থিত হোৱা নাছিল।

উপায়ন্তৰ হৈ পৰিয়ালবৰ্গই উপস্থিত চিকিৎসক, নাৰ্ছক বাৰাম্বাৰ ক’ভিড পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ কৰে যদিও ক’ভিড পৰীক্ষা কৰা কৰ্মচাৰী নাই বুলি গা এৰা মন্তব্য কৰে উপস্থিত চিকিৎসক-নাৰ্ছে।

অৱশেষত চিকিৎসালয়খনৰ মুখ্য চিকিৎসা বিষয়া জ্যোতিৰ্ময় শৰ্মাক পৰিয়ালৰ তৰফৰ পৰা টেলিফোনেৰে যোগাযোগ কৰাত প্ৰায় ৯.২০ বজাত ক’ভিড পৰীক্ষা কৰা হয় যদিও লগে লগে মৃত্যুক আঁকোৱালী লয় নালিয়া শইকীয়া নামৰ ৰোগীজনে।

চিকিৎসা কৰ্মীৰ অৱহেলাৰ বাবে ৰোগীজনৰ মৃত্যু হোৱাৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় চিকিৎসালয়খনত।

উক্ত ঘটনাৰ বাবে চিকিৎসক, চিকিৎসাকৰ্মীৰ জগৰীয়া কৰি শাস্তিৰ দাবী জনাই পৰিৱেশ উত্তপ্ত কৰে পৰিয়ালবৰ্গৰ লগতে উপস্থিত গাঁওবাসীয়ে।