মৰ্মান্তিক! কৃত্ৰিম বানৰ মাজতে নলাত পৰি ৮ বছৰীয়া শিশুৰ কৰুণ মৃত্যু

July 17, 2021 0 By NEWS DESK

নিউজ ডেস্ক। চিৰাং জিলাৰ ছাতিপুৰত অঘটন। বঙাইগাঁও শোধনাগাৰৰ চাৰিসীমাৰ দেৱালৰ কাষৰ নলাৰ পানীত পৰিল ৮ বছৰীয়া এটি শিশু।

শিশুগৰাকী ছাতিপুৰ গাঁৱৰ খইৰুদ্দিন আলীৰ কন্যা খাদিচা খাতুন বুলি চিনাক্ত কৰা হৈছে।

স্থানীয় ৰাইজে অভিযান চলাই উদ্ধাৰ কৰে শিশুটিৰ মৃতদেহ।

উল্লেখ্য যে বঙাগাঁও শোধনাগাৰৰ বটলিং প্লাণ্টৰ পৰা ওলোৱা পানীৰ বাবে কৃত্ৰিম বানপানীৰ সৃষ্টি হয় ছাতিপুৰ গাঁৱত।

এই কৃত্ৰিম বানপানীৰ বিষয়ে ৰাইজে বহু অভিযোগ কৰিছিল যদিও বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান কৰা নাই। লগতে নলা-নৰ্দ্দমা চাফাইৰ বাবে কোনোধৰণৰ পদক্ষেপো লোৱা নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰে।

পানীত পৰি শিশুটিৰ মৃত্যু হোৱা ঘটনাই শোকাকাুল পৰিৱেশৰ সৃষ্টি হৈছে ছাতিপুৰ গাঁৱত।