মৰ্মান্তিক! ক্ৰিকেট খেলি ঘৰলৈ ওভতাৰ পথত বজ্ৰপাতত দুজন যুৱকৰ মৃত্যু

June 7, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যবাসীয়ে ক’ভিডৰ সৈতে যুঁজ দি থকাৰ মাজতে এইবাৰ ঠায়ে ঠায়ে বজ্ৰপাতৰ ঘটনাত মৃত্যু ঘটিছে বহু লােকৰ।

বিগত দুই-তিনি দিনত ধুবুৰী, বৰপেটা আৰু কামৰূপ জিলাত বজ্ৰপাতৰ ৩ টা পৃথক-পৃথক ঘটনাত ৫ জনৰ মৃত্যু হৈছে।

জানিব পৰা মতে, বৰপেটা জিলাৰ কলগাছীয়া থানাৰ অন্তৰ্গত সত্ৰ মইনবৰীত বজ্ৰপাতত দুই যুৱকৰ কৰুণ মৃত্যু ঘটে।

শনিবাৰে সন্ধিয়াত সত্ৰ মইনবাৰীৰ কেইজনমান যুৱকে ক্ৰিকেট খেলি ঘৰলৈ ওভতাৰ সময়ত বাটতে বৰষুণে পোৱাত তেওঁলোকে বেঁকী নৈৰ ঘাটত ৰখাই থোৱা যন্ত্ৰচালিত নাও এখনত আশ্ৰয় লয়।

সেই সময়ত উক্ত ঠাইত হঠাতে হোৱা বজ্ৰপাতত মইনবাৰী ডাকঘৰৰ পোষ্টমষ্টৰ আব্দুল খালেকৰ কনিষ্ঠ পুত্ৰ আবু বক্কাৰ ছিদ্দিক (১৪) আৰু ধনঞ্জয় ঘোষৰ পুত্ৰ প্ৰসেনজিৎ ঘোষ (২২) নামৰ যুৱক দুজন থিতাতে নিহত হোৱাৰ উপৰিও আজিজুল হক নামৰ (২১) নামৰ আন এজন যুৱক গুৰুতৰভাৱে আহত হয়।

আহত যুৱকজনক লগে লগে বৰভিটাৰ চান্দমামা আদৰ্শ হাস্পতালত ভৰ্তি কৰোৱা হয়।

এই ঘটনাত মইনবাৰী অঞ্চলৰ লগতে বৃহতেতৰ কলগাছিয়া অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।

লগতে চাওকঃ

সাংস্কৃতিক কৰ্মী কৃষ্ণা ৰাভাৰ আকস্মিক বিয়োগ