মৰ্মান্তিক! কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ শ্ৰমিকৰ কৰুণ মৃত্যু

July 15, 2021 0 By Biraj Kalita

নিউজ ডেস্ক। ডিব্ৰুগড় জিলাৰ মৰাণ স্থিত জৱাহৰ নৱোদয় বিদ্যলয়ত বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী শ্ৰমিকৰ মৃত্যু।

মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ডুমৰ দলঙ স্থিত জৱহৰ নৱোদয় বিদ্যালয়ত চলি থকা নিৰ্মাণ কাৰ্যত নিয়ােজিত হৈ আছিল নিহত শ্ৰমিকজন।

নিহত শ্ৰমিকজনৰ নাম দীপক ডেকা (২৮)। শ্ৰমিকজনৰ ঘৰ মৰিগাঁও জিলাৰ উজাৰিত।

কৰ্মৰত অৱস্থাত ৱেল্ডিং মেচিনত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু হয় শ্ৰমিকজনৰ।

উল্লেখ্য যে গুৱাহাটীৰ ক্ষেত্ৰীৰ এটা ব্যক্তিগত কোম্পানীৰ অধীনত শ্ৰমিকজন মৰাণৰ জৱাহৰ নৱােদয় বিদ্যালয়ত কৰ্মৰত হৈ আছিল।

ঘটনাৰ পাছতে মৰাণ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ শ্ৰমিক জনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ব্যক্তিগত কোম্পানীটোৱে কৰ্মৰত অৱস্থাত শ্ৰমিকৰ সুৰক্ষাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে সচেতন মহলে।