মৰ্মান্তিক! গাজী বুট খাওঁতে বুকুত লাগি কৰুণ মৃত্যুক সাৱটিলে এগৰাকী ৪ বছৰীয়া কণমানিয়ে…
March 27, 2022এক অতি মৰ্মান্তিক ঘটনা।
গাজী বুট খাই কৰুণ মৃত্যুক সাৱটিলে এগৰাকী ৪ বছৰীয়া কণমানিয়ে।
কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত শালমাৰাত সংঘটিত হৈছে এই কৰুণ ঘটনা।
জানিব পৰামতে শালমাৰা গাঁও নিবাসী চিন্তু ডেকা আৰু দীপশিখা ডেকাৰ একমাত্ৰ কন্যা সুবালী ডেকাই নিশা ফ্রীজত থোৱা বুটমাহ খাওঁতে বুকুত লাগি কৰুণ মৃত্যুক সাবটি লয়।
পৰিয়ালৰ লোকে ততাতৈয়াকৈ কণমানি সুবালীক প্রথমে বেজেৰা সামূহিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰায়।
তাৰ পিচত পৰিয়ালে নাৰায়ণ ছুপাৰ স্পেচিয়েলিটি হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে কণমানিটোক মৃত বুলি জানিবলৈ দিয়ে।
এটি চাৰি বছৰীয়া কন্যা শিশুৰ কৰুণ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।